মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ পেঞ্চন আৰু ৰাজহুৱা অভিযোগ

সঘনাই সোধা প্ৰশ্ন

১. এজন চৰকাৰী কৰ্মচাৰীৰ অৱসৰৰ পাছত লাভ কৰিবলগীয়া সুবিধা সমূহ কি কি?

উত্তৰঃপেঞ্চনাৰ সুবিধা সমূহৰ ভিতৰত জি.আই.এছ., জি.পি.এফ., ছুটী নগদীকৰণ, ডি.চি.আৰ.জি. ইত্যাদিবোৰ অন্তৰ্ভুক্ত।

২. এজন অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰী কেতিয়া পেঞ্চন লাভৰ বাবে যোগ্য হৈ পৰে?

উত্তৰঃস্থায়ী চৰকাৰী কৰ্মচাৰী হিচাপে একেৰাহে দহ বছৰ কাল সেৱা আগবঢ়োৱাৰ অন্তত অৱসৰ গ্ৰহণ কৰিলেই এজন ব্যক্তি পেঞ্চন লাভৰ যোগ্য হৈ পৰে।

৩. সমানুপাতিক পেঞ্চন আৰু সম্পূৰ্ণ বাৰ্ধক্য পেঞ্চন কি?

উত্তৰঃ দহ বছৰতকৈ অধিক আৰু ২৫ বছৰতকৈ কম সময় সেৱা আগবঢ়োৱা চৰকাৰী স্থায়ী কৰ্মচাৰীক প্ৰদান কৰা পেঞ্চনকে সমানুপাতিক পেঞ্চন বোলা হয়। আনহাতে সৰ্বোচ্চ হিচাপে নিৰ্ধাৰিত সময়ৰ(সেইয়া হল ২৫/৩৩বছৰ) বাবে সেৱা আগবঢ়োৱা চৰকাৰী স্থায়ি কৰ্মচাৰীক প্ৰদান কৰা পেঞ্চনক কোৱা হয় সম্পূৰ্ণ বাৰ্ধক্য পেঞ্চন।

৪. কেতিয়া এজন পেঞ্চনাৰ সম্পূৰ্ণ বাৰ্ধক্য পেঞ্চনৰ বাবে যোগ্য হৈ পৰে?

উত্তৰঃ যোগ্যতাৰ মাপকাঠী হিচাপে নিৰ্ধাৰিত ২৫ বছৰতকৈও অধিক কাল সেৱা আগবঢ়োৱাৰ পাছত এজন পেঞ্চনাৰ সম্পূৰ্ণ বাৰ্ধক্য পেঞ্চন লাভৰ বাবে যোগ্য হৈ পৰে।

৫. চৰকাৰী কৰ্মচাৰী সকলে তেঁওলোকৰ পেঞ্চন নথি প্ৰস্তুতিৰ কামবোৰ কেতিয়া আৰাম্ভ কৰিব?

উত্তৰঃ এজন কৰ্মচাৰীয়ে তেঁওৰ অৱসৰৰ দুবছৰ পূৰ্বৰে পৰা পেঞ্চন নথি সম্পৰ্কীয় কাম বোৰ আৰাম্ভ কৰাটো বাঞ্চনীয়, তাৰোপৰি তেঁও অৱসৰৰ ছমাহ পূৰ্বে পেঞ্চন অনুমোদনকৰ্তৃপক্ষক এই নথি সমূহ জমা দিব লাগিব।

৬.চৰকাৰী বিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰী আৰু আৰ.পি.আই. পেঞ্চন কৰ্মচাৰীৰ বাবে পেঞ্চন অনুমোদন জনোৱা কৰ্তৃপক্ষ কোন?

উত্তৰঃ পেঞ্চন সঞ্চালক, অসম।

৭. ৬নং প্ৰশ্নত সুধাসকলৰ বাহিৰে ৰাজ্য চৰকাৰৰ আন পেঞ্চনাৰ সকলৰবাবে পেঞ্চন অনুমোদন জনোৱা কৰ্তৃপক্ষ কোন?

উত্তৰঃ মহাগাণনিক (এ. এণ্ড ই.) অসম।

৮. কি প্ৰক্ৰিয়াৰে পেঞ্চন বিনিময় লাভ কৰিব পাৰি?এজন চৰকাৰী অৱসৰপ্ৰাপ্ত পেঞ্চনাৰৰ ভাট্টাৰ পৰা কিমান পৰিমাণৰ বিনিময় কৰিব পাৰি?

উত্তৰঃ এক নিৰ্দিষ্ট প্ৰ-পত্ৰ (প্ৰ-পত্ৰ-এ.) সঠিক ভাৱে পূৰণ কৰি সেইয়া এ.জি./ডি.পি.ক জমা দিব লাগিব। পৰবৰ্তী সময়ত এ.আৰ. লাভ কৰাৰ অন্তত পি. এণ্ড পি.জি. বিভাগেবিনিময় কৰা পেঞ্চনৰ পৰিমাণ ঘুৰাই দিয়াত অনুমোদন জনাব। ন্যায়িক আৰু এ.আই.এছ. সেৱাৰ বাহিৰে আন পেঞ্চনাৰ সকলৰ মূল পেঞ্চনৰ এক তৃতীয়াংশহে বিনিময় কৰিব পাৰে।

৯. পেঞ্চন বিনিময়ৰ অনুমোদনৰ পূৰ্বে এজন পেঞ্চনাৰ চিকিত্সা পৰিষদৰ সন্মুখত কেতিয়া উপস্থিত হব লাগিব?

উত্তৰঃ যদিহে এজন পেঞ্চনাৰে তেঁওৰ অৱসৰৰ এবছৰ পাছত পেঞ্চন বিনিময়ৰ বাবে আবেদন কৰে।চৰকাৰী সেৱাৰ পৰা স্বেচ্ছাই অৱসৰ গ্ৰহণ কৰিলে বা বাধ্যতামূলক অৱসৰ গ্ৰহণ কৰা চৰকাৰী কৰ্মচাৰীয়ে পেঞ্চন বিনিময় অধিনিয়ম ১৯৬৫ অনুসৰি পেঞ্চন বিনিময় অনুমোদনৰ বাবে চিকিত্সা পৰিষদৰ সন্মুখত উপস্থিত হব লাগে।

১০. পেঞ্চন লোণ বিনিময়ৰ বাবে পেঞ্চনাৰ সকলৰ ওপৰত আৰোপ কৰা সুদৰ বিভিন্ন হাৰ সমূহ কি কি?

উত্তৰঃ ০১/০১/২০১৩ তাৰিখৰ পূৰ্বে অৱসৰ গ্ৰহণ কৰা পেঞ্চনাৰৰ সুদৰ হাৰ ৪.৭৫শতাংশ। ০১/০১/২০১৩ তাৰিখৰ পাছত অৱসৰ গ্ৰহণ কৰা পেঞ্চনাৰৰ সুদৰ হাৰ ৮শতাংশ।

১১.আৰ.ও.পি. ২০১৬ অনুসৰি বাৰ্ধক্য পেঞ্চন আৰু পৰিয়াল ভাট্টাৰ সৰ্বোচ্চ পৰিমাণ কিমান?

উত্তৰঃ বাৰ্ধক্য পেঞ্চনৰ সৰ্বোচ্চ পৰিমাণ হৈছে ৬৫,০০০/- টকা আৰু পৰিয়াল ভাট্টাৰ সৰ্বনিম্ন পৰিমাণ হৈছে ৫,৫০০/- টকা।

১২. চি.পি.জি.আৰ.এ.এম.এছ. কি?

উত্তৰঃ ই হৈছে কেন্দ্ৰীয় ৰাজহুৱা অভিযোগ নিৱাৰণ আৰু পৰ্য্যবেক্ষণ ব্যৱস্থা।সকলো নাগৰিকে এই ব্যৱস্থাৰ জৰিয়তে নিজৰ অভিযোগ দাখিল কৰিব পাৰে।

১৩. চি.পি.জি.আৰ.এ.এম.এছ.ৰ জৰিয়তে ৰাজহুৱা অভিযোগ কেনেকৈ দাখিল কৰিব পাৰি?

উত্তৰঃ ইণ্টাৰনেটৰ সহায়ত এই ব্যৱস্থাত প্ৰবেশ কৰি যি কোনো ৰাজহুৱা অভিযোগ চি.পি.জি.আৰ.এ.এম.এছ.ৰ জৰিয়তে দাখিল কৰিব পাৰি।

১৪. অভিযোগ সমূহ অফলাইনৰ জৰিয়তে দাখিল কৰিব পাৰি নে?

উত্তৰঃ হয়, পাৰি।

১৫.চি.পি.জি.আৰ.এ.এম.এছ. বা অফলাইনৰ জৰিয়তে দাখিল কৰা অভিযোগ সমূহৰ স্থিতিৰ বিষয়ে জানিবলৈ হলে কাৰ সৈতে যোগাযোগ কৰিব লাগিব?

উত্তৰঃঅফলাইনৰ জৰিয়তে দাখিল কৰা অভিযোগৰ স্থিতিৰ বিষয়ে জানিবলৈ পি. এণ্ড পি.জি. বিভাগৰ ৰাজহুৱা অভিযোগ বিষয়া/অন্য যি কোনো বিষয়াৰ কাষ চাপিব পাৰে। চি.পি.জি.আৰ.এ.এম.এছ.ৰ জৰিয়তে দাখিল কৰা অভিযোগ সমূহৰ স্থিতি উক্ত ব্যৱস্থাত প্ৰবেশ কৰিলেই জানিব পৰা যাব।