মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ পেঞ্চন আৰু ৰাজহুৱা অভিযোগ

আমাৰ ইতিহাস

  • পেঞ্চন, ভৱিষ্য নিধি আৰু দলীয় বীমা আঁচনি সম্পৰ্কীয় নীতি-নিয়ম তথা আইন সমূহৰ ৰূপায়ন আৰু পৰ্য্যবেক্ষণৰ ওপৰিও ইয়াৰ বাবে প্ৰয়োজনীয় বিত্তীয় ক্ষমতা প্ৰয়োগ কৰাৰউদ্দেশ্যৰে০২/০৯/১৯৮৬ তাৰিখে প্ৰশাসনীয় সংশোধন বিভাগৰ এ.আৰ. ৫২/৮৩/৭ নং অধিসূচনাৰ জৰিয়তে পেঞ্চন আৰু ৰাজহুৱা অভিযোগ বিভাগ গঠন কৰা যি দায়িত্ব সমূহ পূৰ্বতে বিত্ত বিভাগে পালন কৰি আহিছিল।

    বহু সংখ্যক চৰকাৰী সাহাৰ্য্যপ্ৰাপ্ত বিদ্যালয়ক নতুনকৈ প্ৰাদেশিকৃত কৰাৰ লগে লগে সেই বিদ্যালয় সমূহৰ শিক্ষক-কৰ্মচাৰী সকলো চৰকাৰী পেঞ্চন বা অন্যান্য সা-সুবিধাৰ অন্তৰ্গত হৈ পৰে। ইয়াৰ ফলত শিক্ষা বিভাগত এক বৃহত্ সংখ্যক পেঞ্চন প্ৰদানৰ বিষয় অপূৰ্ণ অৱস্থাত জমা হৈ পৰে। ১৯৮৯চনত পেঞ্চন সঞ্চালকালয়ৰ ধাৰণা প্ৰকাশ কৰা হৈছিল যদিও ১৯৯০চনৰ ৪ জানুৱাৰী তাৰিখে অসম চৰকাৰে ইয়াক বাস্তৱ ৰূপ প্ৰদান কৰে যাতে পেঞ্চন সম্পৰ্কীয় বিষয় সমূহ শীঘ্ৰেই নিষ্পত্তি কৰিব পৰা যায় আৰু এনে বিষয় সমূহ অপূৰ্ণ অৱস্থাত জমা হৈ নৰয়। পেঞ্চন সঞ্চালকালয়ৰ সকলোবোৰ কাম-কাজ পি.পি.জি. বিভাগেই পৰ্য্যবেক্ষণ কৰে।