মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ পেঞ্চন আৰু ৰাজহুৱা অভিযোগ

পেন্সনৰ কাৰণে তালিকা

  • পৰিয়াল পেন্সন (চাকৰিৰ কাৰ্যকালত হোৱা মৃত্যু)

    পৰ্যবেক্ষণ কৰিবলগীয়া নথিপত্ৰসমূহ হৈছে এনে ধৰণৰ

      • * পৰিয়াল পেন্সন/মৃত্যুৰ পিছৰ পাৰিতোষিক প্ৰদানৰ বাবে কৰা আবেদন (ফৰ্ম নং ২১)
      • * পেন্সন দাবীদাৰৰ (পাছপোৰ্ট আকাৰৰ) তিনিখন ফটো, কাৰ্যালয়ৰ মুখ্য বিষয়াৰ দ্বাৰা প্ৰত্যায়িত।
      • * দুটা হস্তস্বাক্ষৰৰ নমুনা বা বাঁ হাত (মহিলাৰ ক্ষেত্ৰত)/সোঁ হাতৰ (পুৰুষৰ ক্ষেত্ৰত) বুঢ়া আঙুলিৰ চাপ ডুপ্লিকেট ৰূপত, কোনো গেজেটেড অফিচাৰৰ দ্বাৰা প্ৰত্যায়িত।
      • * পেন্সন দাবীদাৰৰ শৰীৰৰ উচ্চতা, চিনাক্তকৰণৰ চিহ্ন আৰু ব্যক্তিগত চিহ্ন আদিৰ ডুপ্লিকেট প্ৰমাণ-পত্ৰ গেজেটেড অফিচাৰৰ দ্বাৰা প্ৰত্যায়িত।
      • পৰিয়াল পেন্সন আৰু মৃত্যুৰ পিছৰ পাৰিতোষিকৰ মূল্যায়ন (ফৰ্ম ২০)
      • ভূ-সম্পত্তি বিভাগ আৰু সঞ্চালকালয়ৰ পৰা কোনো ধৰণৰ দাবী/খাজনাৰ প্ৰাণপত্ৰৰ দাবী কৰা নহয়।
      • * এছ.জি.ই.জি.আই.এছ. সম্বন্ধীয় ডুপ্লিকেট এনেক্সাৰ।
      • * সন্তানৰ জন্মৰ প্ৰমাণপত্ৰৰ তাৰিখ।
      • উচ্চপদস্থ বিষয়াৰ দ্বাৰা প্ৰত্যায়িত ডি.চি.আৰ.চি. মনোনয়ন পত্ৰ।
      • উচ্চপদস্থ বিষয়াৰ দ্বাৰা প্ৰত্যায়িত এছ.জি.ই.জি.আই.এছ মনোনয়ন-পত্ৰ।
      • সংশ্লিষ্ট কৰ্তৃপক্ষৰ দ্বাৰা ছুটীৰ নগদীকৰণৰঅনুমতি (ধনৰাশি আৰু ছুটী লোৱা দিনৰ পৰিমাণ উল্লেখ কৰিব লাগিব)।
      • চাকৰিৰ সত্যাসত্য প্ৰতিপাদন কৰা বিবৃতি আৰু ছাৰ্ভিচ বুকৰ পৃষ্ঠা নংসহ এছ.জি.ই.জি.আই.এছ. দাখিল।
      • পেন্সনৰ আদায় আৰু ছুটীৰ সময়ত আগবঢ়োৱা বেতনৰ অৱদানৰ ছাৰ্ভিচ বুকত লিপিবদ্ধ।
      • অযোগ্য বিবেচিত সেৱাৰ মুঠ সময় আৰু বাৰ্ষিক বিৰতিৰ বিবৃতি।
      • * পৰিয়ালৰ সদস্যৰ বিতং তথ্য সকলোৰে দ্বাৰা স্বাক্ষৰিত কৰোৱা ৰূপত (ফৰ্ম নং ১ক)
      • ছাৰ্ভিচ বুক আৰু পেন্সন ফাইলৰ ডুপ্লিকেট কপি।

      বি.দ্ৰ. *ৰ দ্বাৰা চিহ্নিত তথ্যসমূহ দাবীদাৰৰ দ্বাৰা দাখিল কৰিব লাগিব।

    অৱসৰপ্ৰাপ্ত চৰকাৰী চাকৰিয়ালৰ পেন্সনৰ কেচ

    মূল্যায়ন কৰিবলগীয়া তথ্য/নথিপত্ৰসমূহ

      • * অৱসৰ গ্ৰহণ কৰা চৰকাৰী চাকৰিয়ালজনৰ বিশদ বিৱৰণ (ফৰ্ম নং ১)
      • * লঘুকৰণৰ আবেদন (ফৰ্ম নং ক)
      • * পৰিয়ালৰ সদস্যৰ বিতং তথ্যৰ সকলোৰে দ্বাৰা স্বাক্ষৰিত (ফৰ্ম নং ১ ক)
      • পেন্সন আৰু পাৰিতোষিক মূল্যায়ন।(ফৰ্ম নং ২)
      • * অকলশৰীয়া বা যুটীয়া (পত্নী/পতিৰ সৈতে) পাৰ্ছপোৰ্ট আকাৰৰ ফটো তিনিখন, কাৰ্যালয়ৰ মুখ্য বিষয়াৰ দ্বাৰা প্ৰত্যায়িত।
      • * দুটা হস্তস্বাক্ষৰৰ নমুনা বা বাওঁ হাত (মহিলাৰ ক্ষেত্ৰত)/সোঁহাতৰ (পুৰুষৰ ক্ষেত্ৰত) বুঢ়া আঙুলিৰ চাপ ডুপ্লিকেট ৰূপত আৰু কোনো গ্ৰেজেটেড অফিচাৰৰ দ্বাৰা প্ৰত্যায়িত।
      • * দাবীদাৰৰ উচ্চতা আৰু ব্যক্তিগত চিনাক্তকৰণ চিহ্ন (দুটাতকৈ কম নহয়) উল্লেখ থকা দুখন প্ৰমাণপত্ৰ গ্ৰেজেটেড অফিচাৰৰ দ্বাৰা প্ৰত্যায়িত।
      • অৱসৰৰ জাননী বা নিৰ্দেশ
      • ভূ-সম্পত্তি বিভাগ আৰু সঞ্চালকালয়ৰ পৰা কোনো ধৰণৰ প্ৰমাণ বা খাজনাৰ প্ৰমাণপত্ৰৰ দাবী কৰা নহয়।
      • নিয়মানুৱৰ্ত্তিতামূলক/তদাৰকী পৰিস্কৰণ প্ৰমাণ-পত্ৰ
      • *এছ.জি.ই.জি.আই.এছ. সম্বন্ধীয় ডুপ্লিকেট এনেক্সাৰ।
      • *উচ্চপদস্থ বিষয়াৰ দ্বাৰা প্ৰত্যায়িত ডি.চি. আৰ. জি মনোনয়ন পত্ৰ।
      • *উচ্চপদস্থ বিষয়াৰ দ্বাৰা প্ৰত্যায়িত এছ.জি.ই.জি.আই.এছ. মনোনয়নপত্ৰ।
      • পেন্সনৰ গণনা কাগজ
      • সংশ্লিষ্ট কৰ্তৃপক্ষৰ দ্বাৰা ছুটীৰ নগদীকৰণৰ অনুমতি (ধনৰাশি আৰু ছুটী লোৱা দিনৰ পৰিমাণ উল্লেখ কৰিব লাগিব)
      • চাকৰিৰ সত্যাসত্য প্ৰতিপাদন কৰা বিবৃতি আৰু ছাৰ্ভিচ বুকৰ পৃষ্ঠা নং সহ এছ.জি.ই.জি.আই.এছ. দাখিল।
      • পেন্সনৰ আদায় আৰু ছুটীৰ সময়ত আগবঢ়োৱা বেতনৰ অৱদানৰ ছাৰ্ভিচ বুকত লিপিবদ্ধ।
      • *‘ক’ শাখাৰ পেন্সনাৰৰ ক্ষেত্ৰত অৱসৰ গ্ৰহণ কৰাৰ পিছত কোনো ধৰণৰ চাকৰিত যোগদান নকৰাৰ ঘোষণা, যদিহে তেওঁৰ পেন্সন পি.এ.অ.ৰ পৰা সংগ্ৰহ কৰা হয়।
      • অযোগ্য বিবেচিত হোৱা সেৱাৰ মুঠ সময় আৰু বাৰ্ষিক বিৰতিৰ বিবৃতি।
      • *পেন্সনৰ বাকী পাওনাৰ ধন প্ৰদানৰ বাবে মনোনয়ন।

      বি.দ্ৰ. *ৰ দ্বাৰা চিহ্নিত তথ্যসমূহ অৱসৰপ্ৰাপ্ত চৰকাৰী চাকৰিয়ালৰ দ্বাৰা দাখিল কৰিব লাগিব।