মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ পেঞ্চন আৰু ৰাজহুৱা অভিযোগ

নাগৰিক চনদ

  • লক্ষ্য

    ৰাজ্য চৰকাৰৰ পেঞ্চনাৰ সকলৰ সংশ্লিষ্ট একাংশৰ জীৱনসুৰক্ষিত কৰা আৰু তেঁওলোকৰ মহত্ব বজাই ৰখাটো সুনিশ্চিত কৰা আৰু ৰাজহুৱা অভিযোগ সমূহ যথাসম্ভৱ কম সময়ত নিৱাৰণ কৰা।

    অভিযান

    সময়মতে পেঞ্চন আৰু অন্যান্য অৱসৰ গ্ৰহণৰ সুবিধা সমূহ প্ৰদান কৰা। নীতি-নিয়ম, চৰ্তাৱলী আৰু কাৰ্য্যপন্থা সমূহৰ শীঘ্ৰেই পৰ্য্যালোচনা কৰা; আৰু শীঘ্ৰেই ৰাজহুৱা অভিযোগ সমূহ নিৱাৰণ কৰা, যাৰ জৰিয়তেবিশেষকৈ পেঞ্চনাৰ সকলৰ আৰু সাধাৰণ অৰ্থতনাগৰিকৰ কল্যাণ সাধন সম্ভৱ হৈ পৰে।

    উদ্দেশ্যাৱলী

    ১. অন্য বিভাগ সমূহৰ পৰা লাভ কৰা সংশ্লিষ্ট সেৱা আৰু অন্যান্য অৱসৰ গ্ৰহণৰ সা-সুবিধা (জি.পি.এফ., জি.আই.এছ. ইত্যাদি) সমন্ধিত অনুৰোধ সমূহৰ প্ৰতি দক্ষতাপূৰ্ণ সঁহাৰি আগবঢ়োৱা।
    ২. পেঞ্চনাৰ সকলৰ আৰু লগতে অন্যান্য ৰাজহুৱা অভিযোগ সমূহৰ শীঘ্ৰে নিৱাৰণ প্ৰদান কৰা।
    ৩. ৰাজ্যিক পেঞ্চনাৰ সকলৰ পেঞ্চন বিনিয়োগৰ বিষয়সমূহ শীঘ্ৰেই আৰু সময়মতে নিৱাৰণ কৰা।
    ৪. ৰাজহুৱা অভিযোগ নিৱাৰণ ব্যৱস্থাৰ কাৰ্য্যকৰণ প্ৰক্ৰিয়াৰ উন্নয়ন সাধন কৰা।

    ক্লাইণ্টসকলৰ সবিশেষ

    ১. পেঞ্চন সঞ্চালকালয়, অসম
    ২. ৰাজ্য চৰকাৰৰ পেঞ্চনাৰ সকল
    ৩. সকলো প্ৰশাসনীয় বিভাগ
    ৪. নাগৰিক (ৰাজহুৱা অভিযোগ)

    Downloads
    নাগৰিক চনদ
    TitleSizeDetail
    নাগৰিক চনদ,পেঞ্চন আৰু ৰাজহুৱা অভিযোগ,অসম57.17 KBswf-image