মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ পেঞ্চন আৰু ৰাজহুৱা অভিযোগ

আমি কি কৰো

  • পেঞ্চন আৰু অন্যান্য অৱসৰ গ্ৰহণৰ সুবিধা সম্বন্ধে নীতি প্ৰস্তুত কৰাৰ ক্ষেত্ৰত পেঞ্চন আৰু ৰাজহুৱা অভিযোগ বিভাগেই হৈছে প্ৰধান বিভাগ। পেঞ্চন, সাধাৰণ ভৱিষ্য নিধি, দলীয় বিমা আঁচনি, পেঞ্চন বিনিময়, বিশেষ পৰিয়াল ভাট্টা ইত্যাদি সম্বন্ধিত নীতি নিয়ম তথা আইন সমূহ এই বিভাগেই ৰূপায়ন আৰুপৰ্য্যবেক্ষণ কৰে যাৰ বাবে বিভাগটোৱে প্ৰশাসনীয় বিভাগ হিচাপে বিত্তীয় ক্ষমতা প্ৰয়োগ কৰাৰ লগতেপেঞ্চন আৰু অন্যান্য বিষয় সমূহ পৰিচালনা কৰাৰ ক্ষেত্ৰত বাহাল থকা আইন/নিয়ম সমুহ বাখ্যা কৰাৰ ক্ষেত্ৰত অনুমোদনকাৰী বিভাগ হিচাপেও কাৰ্য্যনিৰ্বাহ কৰে।

    বহু সংখ্যক চৰকাৰী সাহাৰ্য্যপ্ৰাপ্ত বিদ্যালয়ক নতুনকৈ প্ৰাদেশিকৃত কৰাৰ লগে লগে সেই বিদ্যালয় সমূহৰ শিক্ষক-কৰ্মচাৰী সকলো চৰকাৰী পেঞ্চন বা অন্যান্য সা-সুবিধাৰ অন্তৰ্গত হৈ পৰে। ইয়াৰ ফলত শিক্ষা বিভাগত এক বৃহত্ সংখ্যক পেঞ্চন প্ৰদানৰ বিষয় অপূৰ্ণ অৱস্থাত জমা হৈ পৰে। ১৯৮৯চনত পেঞ্চন সঞ্চালকালয়ৰ ধাৰণা প্ৰকাশ কৰা হৈছিল যদিও ১৯৯০চনৰ ৪ জানুৱাৰী তাৰিখে অসম চৰকাৰে ইয়াক বাস্তৱ ৰূপ প্ৰদান কৰে যাতে পেঞ্চন সম্পৰ্কীয় বিষয় সমূহ শীঘ্ৰেই নিষ্পত্তি কৰিব পৰা যায় আৰু এনে বিষয় সমূহ অপূৰ্ণ অৱস্থাত জমা হৈ নৰয়। পেঞ্চন সঞ্চালকালয়ৰ সকলোবোৰ কাম-কাজ পি.পি.জি. বিভাগেই পৰ্য্যবেক্ষণ কৰে।

    অতিৰিক্ত ভাৱে, অসমৰ মহাগাণনিক আৰু পেঞ্চন সঞ্চালকালয়ৰ অনুমোদন লাভ কৰা তাৰিখৰ ওপৰত ভিত্তি কৰিয়েই বিভাগে ক্ৰমানুসাৰে পেঞ্চনৰ বিনিময় আদেশ সমূহ প্ৰদান কৰে।