মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ পেঞ্চন আৰু ৰাজহুৱা অভিযোগ

পেঞ্চনৰ বিষয়ে

পেন্সন

১. কেৱল চৰকাৰী কৰ্মচাৰী সকলেহে অৱসৰ গ্ৰহণ কৰাৰ লগে লগে প্ৰকৃত পেঞ্চন চুড়ান্ত নোহোৱালৈ অস্থায়ী পেঞ্চন আৰু অন্যান্য আনুসংগিক সা-সুবিধা লাভ কৰে (অনুগ্ৰহ কৰি ০১/০৬/২০১২ তাৰিখৰ পি.পি.জি.(পি.) ৭/২০১২/৮ নং ও.এম.অনুসৰণ কৰক)।
২. সকলো চৰকাৰী কৰ্মচাৰীয়ে তেঁওলোকৰ অৱসৰৰ দুবছৰ পূৰ্বেই যাবতীয় নথি-পত্ৰৰ কাম সম্পুৰ্ণ কৰিব লাগিব আৰু এই নথি সমূহ সঠিক কৰ্তৃপক্ষক অৱসৰৰ ছয় মাহ পূৰ্বে জমা দিব লাগিব (অনুগ্ৰহ কৰি ২৬/০৯/২০১১ তাৰিখৰ পি.পি.জি.(পি.) ৩১৭/২০১১/১০ নং ও.এম. অনুসৰণ কৰক)।
৩. এ.এছ.(পি) অধিনিয়ম ১৯৬৯তঅনুসৰি বাহাল থকা সুবিধা সমূহৰ উপৰিও অতিৰিক্তভাৱে বৰ্তমান মৃত চৰকাৰী কৰ্মচাৰীৰ বিপৰীতে বিশেষ পৰিয়াল ভাট্টা বৰ্তমান নিৰ্ভৰশীল পৰিয়াল/ভাই(১৮বছৰ বয়সলৈকে)/ভনীলৈকে সম্প্ৰসাৰিত কৰা হৈছে(২১বছৰ বয়সলৈ বা বিয়াৰ আগলৈ, যোনটো আগত সংঘটিত হব)।
৪. ডি.এ., এম.এ.ৰ দৰে সুবিধাসমূহো বিশেষ পৰিয়াল ভাট্টা প্ৰাপক সকলৰ বাবেবৰ্তমান উপলব্ধ যি সকলে বাৰ্ধক্যজনিত পেঞ্চনো লাভ কৰে (অনুগ্ৰহ কৰি ১২/১২/২০১৬ তাৰিখৰ পি.পি.জি.(পি.) ১৫১/২০০৪/৫১ নং ও.এম. অনুসৰণ কৰক)।
৫. অসম সেৱা(আৰ.ও.পি.)২০১০ৰ সুবিধা সমূহ বৰ্তমান বিশেষ পৰিয়াল ভাট্টা প্ৰাপক সকলৰ বাবেও উপলব্ধ কৰি তোলা হৈছে।উপৰোক্ত অধিনিয়ম অনুসৰিএই প্ৰাপক সকলে সংশোধিত বিশেষ পৰিয়াল ভাট্টাও লাভ কৰিব।
৬. ১.১.২০০৬তাৰিখৰ পূৰ্বৰ সকলো পেঞ্চনাৰেইসংশোধিত হাৰৰ পেঞ্চন বিনিয়োগৰ বাবে যোগ্য যিসকলে পূৰ্বৰ হাৰত এই সুবিধা লাভ কৰি আছিল (অনুগ্ৰহ কৰি ২৭/০২/২০১৭ তাৰিখৰ পি.পি.জি.(পি.) ১৫৪/২০১৪/দ্বিতীয় খণ্ড/৩৪ নং ও.এম. অনুসৰণ কৰক)।
৭. প্ৰশাসনীয় বিভাগৰ জৰিয়তেপেঞ্চনাৰ সকলক বকেয়া পেঞ্চন আদায় কৰাৰ ক্ষেত্ৰত সুবিধা হোৱাকৈ চৰকাৰে পি. এণ্ড পি.জি. বিভাগত এছ.পি.(পি.) অধিনিয়ম ১৯৬৯ৰ ২২৬অধিনিয়মৰ সংশোধনি ঘটাইছে। এতিয়াৰ পৰা পেঞ্চন অনুমোদন কৰ্তৃপক্ষৰ অনুমতি অবিহনে প্ৰশাসনীয় বিভাগে এক লাখ টকালৈকে বকেয়া পেঞ্চন আদায় দিব পাৰিব।
৮.ৰাজ্য চৰকাৰৰ কৰ্মচাৰী দলীয় বীমা আঁচনি ১৯৮৩ৰ সংশোধনিৰ জৰিয়তে এগৰাকী চৰকাৰীকৰ্মচাৰীৰ অৱসৰ বা মৃত্যুৰ পাছতজি.আই.এছ. জমা ধন দাবী কৰাৰ প্ৰক্ৰিয়া সৰল কৰি তোলা হৈছে (অনুগ্ৰহ কৰি ২৪/০৪/২০১৩ তাৰিখৰ পি.পি.জি.(পি.) ৯১/২০১২/৮ নং ও.এম. অনুসৰণ কৰক)।
৯. ৰাজ্য চৰকাৰৰ অৱসৰপ্ৰাপ্ত বিষয়া-কৰ্মচাৰী সকলক পেঞ্চন প্ৰদান কৰাৰ বাবে মুঠ নটা ৰাষ্ট্ৰীয়কৃত বেংকক কৰ্তৃত্ব প্ৰদান কৰা হৈছে (অনুগ্ৰহ কৰি ২২/০৪/২০১৩ তাৰিখৰ পি.পি.জি.(পি.) ২০২/২০১০/২৭ নং ও.এম. অনুসৰণ কৰক)।
১০. জনতা ভৱনৰ লগতে চৰকাৰী কাৰ্য্যালয় চৌহদত প্ৰবেশ কৰাৰ সুবিধা হোৱাকৈ চৰকাৰী পেঞ্চনাৰ সকলক পৰিচয় পত্ৰ প্ৰদান কৰিবৰ বাবে সকলে প্ৰশাসনীয় বিভাগ/বিভাগীয় প্ৰমূখ আৰু এইবোৰৰঅধীনষ্ঠকাৰ্য্যালয় সমূহক অধিসূচনাৰ জৰিয়তে পি. এণ্ড পি.জি. বিভাগে নিৰ্দ্দেশ জাৰী কৰিছে(অনুগ্ৰহ কৰি ২৬/০৬/২০১৩ তাৰিখৰ পি.পি.জি.(পি.) ১১/২০১২/৮৩ নং ও.এম. অনুসৰণ কৰক)।
১১. অস্থায়ী পৰিয়াল ভাট্টা/ প্ৰতিবন্ধী ভাট্টা/ অকাৰ্য্যকৰ ভাট্টা/ ডি.চি.আৰ.জি. আদি সকলোবোৰো মৃত চৰকাৰী কৰ্মচাৰী/প্ৰতিবন্ধী চৰকাৰী কৰ্মচাৰী সকলৰ পৰিয়াললৈও সম্প্ৰসাৰিত কৰা হৈছে যি সকলক নতুন পেঞ্চন আঁচনিৰ অধীনত অন্তৰ্ভুক্ত কৰা হৈছে (অনুগ্ৰহ কৰি ১৪/০১/২০১৬ তাৰিখৰ পি.পি.জি.(পি.) ১৬৫/২০১৪/১৭ নং অ.এম. অনুসৰণ কৰক)।
১২. ২০১৩চনৰ এক জানুৱাৰী তাৰিখে বা তাৰ পাছত অৱসৰ গ্ৰহণ কৰা পেঞ্চনাৰ সকলৰ বাবে ২০১৩চনৰ ১ জানুৱাৰীৰ পৰা কাৰ্য্যকৰী হোৱাকৈ সংশোধিত পেঞ্চন বিনিময়ৰ সূদৰ হাৰ পূৰ্বৰ ৪.৭৫শতাংশৰ পৰিৱৰ্তে ৮শতাংশলৈ বৃদ্ধি কৰা হৈছে (অনুগ্ৰহ কৰি ১২/০২/২০১৩ তাৰিখৰ পি.পি.জি.(পি.) ৩৬৬/২০১১/৩২ নং ও.এম. অনুসৰণ কৰক)।
১৩. চৰকাৰী বিষয়া-কৰ্মচাৰীসন্ধানহীন হোৱাৰ ক্ষেত্ৰত আৰক্ষী কৰ্তৃপক্ষক এই বিষয়ে এফ.আই.আৰ. প্ৰদান কৰাৰ এবছৰৰ পাছতহে পৰিয়াল ভাট্টা প্ৰদান কৰাৰ ব্যৱস্থা কৰা হৈছে।
১৪. সাধাৰণ পৰিয়াল ভাট্টা বৰ্তমান শেহতীয়াকৈ লাভ কৰা পৰিমাণৰ ৩০শতাংশ হাৰত লাভ কৰাকৈ এক সমতা স্থাপন কৰা হৈছে যি নিম্নতম ১৮০০টকা হব পাৰে (১.৪.২০০৯তাৰিখৰ পৰা কাৰ্য্যকৰী হোৱাকৈ)।
১৫. কোনো পৰিয়াল পেঞ্চন প্ৰাপকৰ মৃত্যু হলে, পৰিয়াল ভাট্টাৰ বকেয়া ধন তেঁওৰ পৰিয়ালটোৰ পৰৱৰ্তীযোগ্য ব্যক্তিজনে স্বয়ংক্ৰিয়ভাৱে লাভ কৰিব। যি পৰিয়ালত পৰিয়াল ভাট্টা প্ৰাপকৰ মৃত্যুৰ পাছত এই ভাট্টা লাভ কৰাৰ বাবে পৰিয়ালটোত দ্বিতীয় যোগ্য ব্যক্তি নাথাকে তেনে ক্ষেত্ৰতহে বকেয়া ধন লাভ কৰিবৰ বাবে উত্তৰাধিকাৰীৰ প্ৰমাণ পত্ৰৰ প্ৰয়োজন হয়।
১৬. স্থায়ী কৰ্মচাৰীৰ ক্ষেত্ৰত এক আনুপাতিক হাৰত পেঞ্চন আৰু অৱসৰ গ্ৰহণৰ অন্যান্য সা-সুবিধা লাভৰ বাবে কৰ্মচাৰীজনে কমেও ১০বছৰ নিৰন্তৰ আৰু নিশ্চিত সেৱা প্ৰদান কৰাটো বাধ্যতামূলক। কৰ্মচাৰী সকলে ২৫বছৰৰ সেৱা প্ৰদানৰ জৰিয়তেহে বাৰ্ধ্ক্যজনিত সম্পূৰ্ণ পেঞ্চন লাভ কৰিবলৈ সক্ষম হব।অস্থায়ী চৰকাৰী কৰ্মচাৰী, সেইয়া হল স্থায়ী এম.আৰ./ডব্লিও.চি. কৰ্মীৰ ক্ষেত্ৰত পেঞ্চন লাভৰ যোগ্যতা হিচাপে কমেও ২০বছৰ সেৱা আগবঢ়োৱাটো বাধ্যতামূলক কৰা হৈছে।

আনুতোষিক

১. ১/৪/২০০৯ তাৰিখৰ পৰা প্ৰযোজ্য হোৱাকৈ সকলো প্ৰকাৰৰ আনুতোষিকৰ হাৰ সৰ্বোচ্চ ৭লাখ টকালৈ বৃদ্ধি কৰা হৈছে।

২. ডি.চি.আৰ.জি. ধন প্ৰদান কৰাৰ ক্ষেত্ৰত যদিহে প্ৰশাসনৰ তৰফৰ পৰা বহু পলম কৰা হয় তেনেহলে এই ধনৰ বিপৰীতে সুদ(বজাৰ সুদৰ হাৰত প্ৰযোজ্য হব) প্ৰদান কৰাৰ ব্যৱস্থা উপলব্ধ।

সেৱা অৰ্হতা

১. পেঞ্চন আৰু ডি.চি.আৰ.জি. দুয়োৰে গাণনাৰ ক্ষেত্ৰত ছয় মাহতকৈ বেছি বা ১২মাহতকৈ কম সময়ৰ সেৱা অৰ্হতাকছমাহ হিচাপেইগণ্য কৰা হব। সেই মৰ্মে ন মাহ সময়ক আধা বছৰ হিচাপে গণ্য কৰা হব।

২. নিজ সেৱা বা পদৰ পৰা কোনো কৰ্মচাৰী অপসাৰিত হলে বা নিজ ইচ্ছা অনুসৰি পদ ত্যাগ কৰিলে তেঁও অতীতত প্ৰদান কৰা সেৱা, পেঞ্চন বা পৰিয়াল ভাট্টা আদি সকলোৰ পৰা বঞ্চিত হৈ ৰব।

অন্যান্য

১. সঠিক সময়ত অৱসৰ গ্ৰহণ কৰাৰ বাবে কোনো বিশেষ আদেশৰ প্ৰয়োজন নাই কিন্তু সংশ্লিষ্ট চৰকাৰী বিষয়া- কৰ্মচাৰীক অৱসৰৰ ছমাহ পূৰ্বে অৱগত কৰোৱাটো বাঞ্চনীয়।

২. ছুটীৰ নগদীকৰণ হৈছে এ.এছ.(ছুটী) অধিনিয়ম ১৯৩৪ৰ(সংশোধিত) অধীনত প্ৰদান কৰা এক সুবিধা যি পেঞ্চনাৰ হিচাপে লাভ কৰা সুবিধাৰ অন্তৰ্গত নহয়। বৰ্তমানৰ ব্যৱস্থা অনুযায়ী, চুটি নগদীকৰণৰ ধন পলমকৈ প্ৰদান কৰাৰ ক্ষেত্ৰত কোনো সুদ প্ৰদান কৰাৰ সুবিধা নাই।

৩. ৰাজ্য চৰকাৰৰ কৰ্মচাৰী দলীয় বীমা আঁচনিৰ অধীনত প্ৰদান কৰা ধন প্ৰান্তিক সুবিধা নহয় আৰু ইয়াক ৰখাই থব নোৱাৰি। চৰকাৰী পাওনা আদায় কৰাৰ ক্ষেত্ৰত নহয়, গৃহ নিৰ্মাণৰ বাবে লোৱা লোণৰ বিপৰীতেহেবিত্তীয় প্ৰতিষ্ঠান একোটাইএজন কৰ্মচাৰীৰ সঞ্চয়ৰ পৰাউদ্ধাৰ কৰিব পাৰিব। এই আঁচনিৰ অধীনত ধন প্ৰদান কৰাত পলম হলে কোনো সুদ প্ৰদান কৰাৰ ব্যৱস্থা নাই।

৪. পৌৰ নিগম/পৰিষদ/ন্যাস আদিৰ দৰে স্বায়ত্ব শাসিত সংস্থা সমূহৰ অধীনত প্ৰদান কৰা সেৱা সমূহ অসম সেৱা(পেঞ্চন) অধিনিয়ম ১৯৬৯ৰ আঁওতাত নপৰাৰ বাবেই সেৱা প্ৰদানকাৰী সকলে কোনো পেঞ্চন বা অন্যান্য আনুসাংগিক সা-সুবিধা সমূহ দাবী কৰিব নোৱাৰিব।