মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ পেঞ্চন আৰু ৰাজহুৱা অভিযোগ

পৰামৰ্শাৱলী

দাবী উত্থাপন

পেঞ্চন/আনুতোষিক/বিনিময়/সংশোধনীইত্যাদিৰ মঞ্জুৰীৰ বাবেনিৰ্দিষ্ট ধৰণত কাৰ্য্যালয় প্ৰধানক সঠিক সময়ৰ পূৰ্বে দাবী পত্ৰ প্ৰদান কৰাৰ প্ৰয়োজন আছে যাতে অৱসৰৰ পূৰ্বেই কাৰ্য্যালয় প্ৰধানৰ জৰিয়তে পেঞ্চন প্ৰদান আদেশ (পি.পি.ও.) লাভ কৰিব পাৰি। এই কথা মনত ৰখা উচিত যে পেঞ্চন দাবীৰ প্ৰক্ৰিয়াকৰণ, সত্যাসত্য নিৰ্ণয় আদিৰ ক্ষেত্ৰত এটাতকৈ অধিক কাৰ্য্যালয়জড়িত হৈ পৰে আৰু এই ব্যৱস্থাই কেবাটাও স্তৰ অতিক্ৰম কৰিব লগীয়া হয় যাৰ ফলত ইয়াৰ সঠিক মুল্যাংকণৰ বাবে ভালেমান সময়ৰ প্ৰয়োজন হয়।

পি.পি.ও.ৰ সত্যাসত্য নিৰ্ণয়

আপুনি আপোনাৰ পি.পি.ও. লাভ কৰাৰ লগে লগে, বাহাল থকা নিয়ম অনুসৰিপি.পি.ও.ত পেঞ্চনৰ পৰিমাণ সঠিককৈ উল্লেখ আছে নে নাই এই কথা নিশ্চিত কৰক। যদিহে পি.পি.ও.ত কোনো ক্ৰুটি ৰৈ গৈছে, ইয়াক শুধৰাবৰ বাবে আপোনাৰ কাৰ্য্যালয় প্ৰমূখ/পেঞ্চন বিতৰন এজেঞ্চীক যোগাযোগ কৰক।

শাৰীৰিক ভাৱে অক্ষম/ মানসিক বিকাৰগ্ৰস্ত শিশু

যদি আপোনাৰ কোনো শাৰীৰিক ভাৱে অক্ষম বা মানসিক বিকাৰগ্ৰস্ত শিশু আছে, তেঁও বা তেঁওলোকৰ সবিশেষ আপোনাৰ কাৰ্য্যালয় প্ৰধানক প্ৰদান কৰক যাতে আপোনাৰ সেৱা আৰু পেঞ্চন সম্পৰ্কীয় অভিলেখত এক অনুমোদন লাভ কৰে আৰু এই জ্ঞাপনৰ বাবে এক স্বীকৃতি লাভ কৰে।

পেঞ্চন একাউণ্ট স্থানান্তৰকৰণ

যদিহে আপুনি আন এক এজেঞ্চীৰ পৰা পেঞ্চন সংগ্ৰহ কৰিব খোজে, তেনেহলে বৰ্তমানৰ পেঞ্চন সংগ্ৰহ এজেঞ্চীক এই ক্ষেত্ৰত এক আবেদন কৰিব লাগিব।

বিনিময় কৰা পেঞ্চন পুনৰ লাভ কৰা

বিনিময় কৰা পেঞ্চনৰ পৰিমাণ বিনিময় কৰা দিনৰ পৰা ১৪ বছৰৰ পাছত পুনৰ প্ৰদান কৰাটো আৰম্ভ কৰা হব। ইয়াৰ বাবে আপুনি নিৰ্ধাৰিত প্ৰ-পত্ৰৰ জৰিয়তে পি.ডি.এ.ত আবেদন কৰক।

পেঞ্চনৰ বিনিময়

পেঞ্চন বিনিময়ৰ মূল্যমঞ্জুৰ কৰাৰ দিনা বা স্বাস্থ্য পৰীক্ষা কৰাৰ দিনাৰ পৰা পেঞ্চন বিনিময়ৰ পৰিমাণ পেঞ্চনৰ মূল পৰিমাণৰ পৰা হ্ৰাস কৰা হয়। যদিহে ওপৰত উল্লেখ কৰা ধৰণে বিনিময়ৰ পৰিমাণ হ্ৰাস কৰা নহয় তেনেহলে এই বিষয়ে আপোনাৰ পি.ডি.এ.ক এই বিষয়ে শীঘ্ৰেই অৱগত কৰাওক যাতে পাছলৈ বৃহত্ পৰিমাণৰ বকেয়া আদায় দিব লগা নহয়।

জীৱনযোৰা বকেয়াৰ বাবে মনোনয়ন

আপুনাৰ অন্তত জীৱন যোৰা বকেয়া (এল.টি.এ.) লাভ কৰিবলগীয়া ব্যক্তিৰ নাম অনুগ্ৰহ কৰি মনোনয়ন কৰক। মনোনয়ন পত্ৰ আপোনাৰ পি.ডি.এ.ক জমা দিব লাগিব। এল.টি.এ.ৰ ধন লাভ কৰাৰ ক্ষেত্ৰত থকা কোনো অসুবিধা আঁতৰ কৰিবৰ বাবে মনোনীত ব্যক্তিৰ নাম সলনি কৰিব লগীয়া হলে আন এক মনোনয়ন সলনি পত্ৰ আপোনাৰ পি.ডি.এ.ক জমা দিব পাৰে।

পি.পি.ও. হেৰুওৱা

যদিহে আপুনি আপোনাৰ পি.পি.ও. হেৰুৱাই তেনেহলে এই বিষয়ে শীঘ্ৰেই আপোনাৰ পি.ডি.এ.ক অৱগত কৰক। তাৰোপৰি সংশ্লিষ্ট কৰ্তৃপক্ষক পি.পি.ও. হেৰুৱাৰ প্ৰমাণ পত্ৰ প্ৰদান কৰিবলৈ আপুনি পি.ডি.এ.কঅনুৰোধ কৰিব লাগিব যাতে আপুনি পি.পি.ও.ৰ নকল প্ৰতিলিপি লাভ কৰিব পাৰে।

বাৰ্ষিক চিনাক্তকৰণ

আপোনাৰ বাৰ্ষিক চিনাক্তকৰণৰ বাবে প্ৰতি বছৰে নৱেম্বৰ মাহত আপুনি পি.ডি.এ.ত উপস্থিত হব লাগিব।যদিহে আপুনি শাৰীৰিক অসুস্থতা বা এনে অন্য কোনো কাৰণত পি.ডি.এ.ত উপস্থিত হব নোৱাৰিলে আৰু আপোনাৰ প্ৰতিনিধিৰ জৰিয়তে পেঞ্চন লাভ কৰাটো বিচাৰে তেনেহলে আপুনি জীয়াই থকাৰ এক প্ৰমাণ পত্ৰ পি.ডি.এ.ক প্ৰদান কৰিব লাগিব। অন্যথা আপুনাৰ পেঞ্চন বন্ধ কৰি দিয়া হব।

অৱসৰৰ পাছত বাণিজ্যিক নিয়োগ

কোনো বাণিজ্যিক নিয়োগৰ প্ৰস্তাৱ গ্ৰহণ কৰাৰ পূৰ্বেই সঠিক কৰ্তৃপক্ষৰ পৰা অৱসৰৰ এক বছৰৰ ভিতৰতে প্ৰয়োজনীয় অনুমতি লাভ কৰাটো সুনিশ্চিত কৰক।

অৱসৰৰ পাছত দোষি সাব্যস্ত / জেইলত যোৱ

যদি কোনো লোকক আদালতে শাস্তি বিহে বা জেইলত বন্দী হোৱাৰ আদেশ দিয়ে তেনে ব্যক্তিৰ পেঞ্চন স্থগিত কৰা হব। আদালতৰ দ্বাৰা শাস্তি লাভ কৰাৰ পাছতে ঘটনা সন্দৰ্ভত সকলো তথ্য আৰু ইয়াৰ সবিশেষ পি.ডি.এ./কাৰ্য্যালয় প্ৰমুখ্যক অৱগত কৰিব লাগিব।

সেৱাৰ পৰা অব্যাহতি দিয়াৰ পাছত পৰিয়ালত হোৱা পৰিৱৰ্তন সমূহ

সেৱাৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পাছত পৰিয়ালত যদি কোনো সালসলনি ঘটে অৰ্থাত্ বিয়া হোৱা, নৱজাতকৰ জন্ম হোৱা ইত্যাদি সকলো বিষয়ে তথ্য বা সংশ্লিষ্ট প্ৰমাণ পত্ৰ অথৱা নথি সহ কাৰ্য্যলয় প্ৰমুখ্যক অৱগত কৰিব লাগিব। তাৰোপৰি আপোনাৰ কাৰ্য্যালয় প্ৰমুখ্যকঅৱগত কৰোৱাৰ জৰিয়তে যাতে পৰিয়াল ভাট্টাৰ এখন যুটিয়া জাননীও কৰা হয় এই বিষয়েও সুনিশ্চিত হব লাগিব।

পেঞ্চনাৰ সকলৰ পুনৰ-নিয়োজন

অৱসৰৰ পাছত, কেন্দ্ৰীয় বা ৰাজ্য চৰকাৰ/স্বায়ত্বশাসিত প্ৰতিষ্ঠান/ৰাজহুৱা খণ্ডৰ অধীনত পুনৰ নিয়োজিত হলে ইয়াৰ সবিশেষ আপোনাৰ পি.ডি.এ.ক শীঘ্ৰেই অৱগত কৰাব লাগিব।পুনৰ নিয়োজন নোহোৱাৰ পৰিপ্ৰেক্ষিতত, পি.ডি.এ.ক সময়ে সময়ে স্পষ্টীকৰণ প্ৰদান কৰিব লাগিব।

মঞ্জুৰীকৃত বেংকৰ জৰিয়তে পেঞ্চন প্ৰদান

পেঞ্চন কেতিয়াও নগদ ধন হিচাপে প্ৰদান কৰা নহয়। গতিকে কৰ্তৃত্বশীল বেংকৰ যিকোনো শাখাত আপুনি নিজৰ নামত এক চেভিংচ/কাৰেণ্ট একাউণ্ট খোলক অথৱা নিজৰ পতি/পত্নীৰ সৈতে এক যুটিয়া একাউণ্ট খোলক, যদিহে আপোনাৰ পতি/পত্নিৰ নাম পি.পি.ও.ত উল্লেখ থাকে, আৰু ইয়াৰ সবিশেষ আপোনাৰ কাৰ্য্যালয় প্ৰমুখ্যক জমা দিয়াক যাতে আপুনাৰ পেঞ্চনৰ ধন একাউণ্টত জমা হয়।

আদালত সংলগ্ন

পাবলগীয়া বা পাবলৈ বাকী থকা পেঞ্চন হৈছে যিকোনো আদালত সংলগ্নৰ পৰা মুক্ত যেতিয়ালৈ এই পেঞ্চন আইন অনুসৰি প্ৰদান কৰা হয়। পাওনাৰ বাদে পেঞ্চনৰ ক্ষেত্ৰত কোনো পেঞ্চনাৰে সুদ আবন্টন বা বিক্ৰী কৰিব নোৱাৰে।

সন্ধানহীন পেঞ্চনাৰ

যদি কোনো পেঞ্চনাৰ সন্ধানহীন হৈ থাকে তেনেহলে তেঁওৰ পৰিয়ালৰ লোকে আৰক্ষীক গোচৰ দিব লাগিব।যদিহে এবছৰৰ ভিতৰত পেঞ্চনাৰ জনৰ কোনো সম্ভেদ পোৱা নযায় তেনেহলে আৰক্ষী কৰ্তৃপক্ষৰ পৰা এই ক্ষেত্ৰত এক প্ৰমাণ পত্ৰ লাভ কৰি ক্ষতিপূৰণ পত্ৰসহ বিষয়টো পি.ডি.এ.ক অৱগত কৰাব লাগিবযাতে গোচৰ তৰা দিনৰ পৰা পৰিয়াল ভাট্টা লাভ কৰিবলৈ বিষয়টো সংশ্লিষ্ট কৰ্তৃপক্ষৰ কাষ চাপে।

বকেয়া পেঞ্চন

যদিহে কোনো কাৰণত এবছৰতকৈও অধিক কাল পেঞ্চন সংগ্ৰহ কৰা নহয় তেনেহলে ই সময় নিষিদ্ধ হৈ পৰে আৰু প্ৰকৃত কৰ্তৃপক্ষৰ পৰা অনুমোদন লাভ কৰাৰ পাছতহে পুনৰ পেঞ্চন সংগ্ৰহ কৰিব পাৰিব। এই ক্ষেত্ৰত পেঞ্চন সংগ্ৰহ পলম হোৱাৰ কাৰণ বাখ্যা আৰু লগতেঅনিয়োজন আৰু নিৰ্দোষিতাৰ প্ৰমাণ-পত্ৰ সহ পি.ডি.এ.ক নিৰ্দিষ্ট প্ৰ-পত্ৰৰ জৰিয়তে বকেয়া পেঞ্চন দাবী কৰিব লাগিব।