পি. এণ্ড পি.জি. বিভাগে ২২.০৪.২০১৩ তাৰিখে পি.পি.জি.(পি.)২০২/২০১০/২৭ নং অধিসূচনাৰ জৰিয়তে ৰাজ্যিক চৰকাৰৰ পেঞ্চনাৰ সকলক পেঞ্চন প্ৰদান কৰিবৰ বাবে পূৰ্বৰে পৰা থকা ছটা ৰাষ্ট্ৰীয়কৃত বেংকৰ ওপৰিও অতিৰিক্ত তিনিটা ৰাষ্ট্ৰীয়কৃত বেংকক সংযোগ কৰে। চৰকাৰী পেঞ্চনাৰ সকলক পেঞ্চন প্ৰদান কৰিবৰ বাবে বৰ্তমান নটা ৰাষ্ট্ৰীয়কৃত বেংকক কৰ্তৃত্ব প্ৰদান কৰা হৈছে।