মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ পেঞ্চন আৰু ৰাজহুৱা অভিযোগ

এটা শাখা/বেংকৰ পৰা অন্য এটালৈ পেন্সনৰ হস্তান্তৰৰ কাৰণে আবেদন

১. পেন্সনৰ হস্তান্তৰৰ কাৰণে আবেদন নিম্নোলিখিত তিনিটা ভাগৰ অধীনত কৰা হয়ঃ

(ক) একেটা প্ৰাধিকৃত বেংকৰ এটা পৰিশোধিত শাখাৰ পৰা অন্য এটালৈ একেটা কেন্দ্ৰৰ ভিতৰত বা অন্য কেন্দ্ৰলৈ হস্তান্তৰ
(খ) একেটা ষ্টেছনৰ ভিতৰত এটা প্ৰাধিকৃত বেংকৰ পৰা অন্য এটালৈ(এনেধৰণৰ হস্তান্তৰৰ অনুমতি এটা বিত্তীয় বৰ্ষত এবাৰলৈহে দিয়া হয়) হস্তান্তৰ; আৰু

(গ) এটা বেলেগ ষ্টেছনত এটা প্ৰাধিকৃত বেংকৰ পৰা অন্য এটালৈ হস্তান্তৰ।

২. শাখা
(ক)ৰ অধীনত হবলীয়া হস্তান্তৰৰ ক্ষেত্ৰত মঞ্জুৰী প্ৰাধিকৃত বেংকৰ দ্বাৰাই কৰা হয়। যদি হস্তান্ত একেটা ষ্টেছনৰ ভিতৰত হয় তেনেহলে লিংক শাখাই নিৰ্দ্ধাৰিত বিন্যাসত পঞ্জী নিবন্ধনখনত প্ৰয়োজনীয় লিপিবদ্ধ কৰিব আৰু পি.পি.অ.ৰ বিতৰণ কৰিবলগীয়া অংশটো পেন্সন গণনা বিষয়া আৰু পেন্সনভোগীলৈ জাননী দি পৰিশোধিত শাখালৈ পঠাব যৰ পৰা পেন্সন পোৱা যাব। যদি হস্তান্তৰ অন্য শাখালৈ কৰা হয়, তেন্তে নতুন ষ্টেছনৰ লিংক শাখাই নতুন পৰিশোধ শাখাৰ জৰিয়তে পৰিশোধনৰ ব্যৱস্থা কৰিব। এনে হস্তান্তৰৰ আৱশ্যকীয় জাননী পেন্সনভোগীৰ জাননীৰ অধীনত নিজৰ ৰেকৰ্ডৰ পৰিবৰ্তনৰ কাৰণে নিৰ্দ্ধাৰিত বিন্যাসত নতুন আৰু পুৰণা লিংক শাখাৰ দ্বাৰা পি.এ.অ.লৈ পঠোৱা হয়। পেন্সনৰ খতপত্ৰ প্ৰাপ্ত কৰাৰ পাছত প্ৰাপ্ত লিংক শাখাই পি.পি.অ.খন পৰিশোধিত শাখালৈ লগে লগে প্ৰেৰণ কৰিব আৰু সমান্তৰালকৈ পেন্সনভোগীত ইয়াৰ বিষয়ে অৱগত কৰিব।
নতুন পৰিশোধিত শাখা/লিংক শাখালৈ পি.পি.অ. বিতৰণৰ অংশটো প্ৰেৰণ কৰাৰ পূৰ্বে যিটো মাহলৈ পৰিশোধিত কৰা হৈছে তাৰ বিষয়ে পি.পি.অ. বিতৰণৰ অংশটোত স্পষ্টকৈ উল্লেখ কৰা থাকিব লাগিব।

৩.(ক) ওপৰত উল্লেখিত শ্ৰেণী (খ) আৰু (গ)ৰ অধীনত পৰা মামলাসমূহৰ ক্ষেত্ৰত যেতিয়া এজন পেন্সনভোগীয়ে এখন সাধাৰণ কাগজত হস্তান্তৰৰ কাৰণে আবেদন কৰে, তেতিয়া পুৰণা বেংকটোৱে নিজৰ শাখা প্ৰৱন্ধকৰ দ্বাৰা বিধিগত ভাৱে হস্তাক্ষৰ কৰা চিঠিৰ লগতে পেম্সনভোগীৰ শেহতীয়াকৈ লাভ কৰা আদায় উল্লেখিত পি.পি.অ.ৰ ফটোকপি নতুন পৰিশোধিত বেংক শাখাৰ শাখা প্ৰৱন্ধকলৈ প্ৰেৰণ কৰিব লাগিব। ইয়াক স্পীড পোষ্ট/কুৰিয়াৰ/ৰেজিষ্টাৰ পোষ্টৰ দ্বাৰা নতুন স্থানৰ নতুন পৰিশোধিত শাখাৰ লগতে এটা কপি পেন্সনভোগী, পি.এ.অ. আৰু তথ্যৰ কাৰণে লিংক শাখাৰ পুৰণি পৰিশোধিত বেংকলৈ প্ৰেৰণ কৰিব লাগিব। লগতে পুৰণি পৰিশোধিত শাখাই পি.পি.অ. বেংকৰ কপিটো লিংক শাখালৈ প্ৰেৰণ কৰিব, যিটো নতুন লিংক শাখাত প্ৰেষণ কৰিবৰ কাৰণে সকলো যথাবত্ অন্তৰ্ভূক্তি সম্পূৰ্ণ কৰিব। তত্স্বত্বেও পি.পি.অ.ৰ পেন্সনভোগীৰ কপিটো পেন্সনভোগীৰ দ্বাৰা ৰখা হব আৰু ইয়াক নতুন পৰিশোধিত শাখাত উপস্থাপন কৰিব লাগিব।
(খ) নতুন পৰিশোধিত শাখাই উপৰোক্ত(ক)ৰ ৰূপত শেহতীয়া আদায়ৰ প্ৰমাণ পত্ৰ প্ৰাপ্ত কৰাৰ লগে লগেই পেন্সন পৰিশোদৰ কাম আৰম্ভ কৰিব। লগতে, পেন্সন আৰম্ভ হোৱাৰ পূৰ্ণ বিৱৰণৰ সৈতে লিংক শাখালৈ জাননী প্ৰেৰণ কৰিব।পুৰণা পৰিশোধিত শাখা আৰু ইয়াৰ লিংক শাখাই এইটো সুনিশ্চিত কৰিব যে পি.পি.অ.ৰ বেংক কপিটো লিংক শাখাৰ জৰিয়তে নতুন পৰিশোধিত শাখালৈ প্ৰেৰণ কৰিব।
(গ) হস্তান্তৰ(পুৰণি) শাখাত শেহতীয়াকৈ কৰা পৰিশোধৰ তাৰিখৰ পৰা হস্তান্তৰ কৰা(নতুন) শাখালৈ পেন্সনভোগীৰ পি.পি.অ.ৰ ফটোকপিৰ ওপৰত ভিত্তি কৰি তিনি মাহলৈ পেন্সন পৰিশোধ কৰা হয়। এই সময়ত নতুন আৰু পুৰণি দুয়োটা শাখাৰ উমৈহতীয়া দায়িত্বৰ জৰিয়তে এইটো সুনিশ্চিত কৰিব লাগিব যে কাৰ্য্যবাহৰ সময়ত সকলো খতপত্ৰ নতুন শাখাৰ দ্বাৰা তিনি মাহৰ ভিতৰত প্ৰাপ্ত কৰিব লাগিব। হস্তান্তৰৰ সময়ত উপৰিঞ্চি পৰিশোধৰ আশংকাৰ পৰা হাত সাৰিবৰ কাৰণে নিম্নোলিখিত প্ৰমাণ পত্ৰ এ.বি.ৰ পৰিশোধিত শাখাৰ দ্বাৰা পি.পি.অ. বিতৰণ অংশত নথি লেখ্য ৰাখিব পৰা যাব। প্ৰমাণিত কৰা হৈছে যে পেন্সনৰ পৰিশোধ....................................মাহলৈ কৰা হৈছে আৰু এই পি.পি.অ.খনত..............................নথি লেখ্যৰ বিতৰণৰ বিস্তৃত পত্ৰ সন্নিবিষ্ট আছে।
উপৰোক্তসমূহৰ বাহিৰে এটা পৰিশোধিক কেন্দ্ৰৰ পৰা অন্য এটালৈ পেন্সনৰ হস্তান্তৰকৰণক সাধাৰণ ৰূপত অনুমতি দিয়া নহয়।