মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ পেঞ্চন আৰু ৰাজহুৱা অভিযোগ

পেন্সনৰ অনুমোদন আৰু বিতৰণৰ কাৰণে আবেদন

পেন্সন আৰু পৰিতোষিকৰ পৰিমাণৰ নিৰ্দ্ধাৰণ আৰু প্ৰমাণীকৰণৰ প্ৰক্ৰিয়া এ.এছ.(পেন্সন) নিয়ম, ১৯৬৯ৰ ১০৮, ১১০ আৰু ১১১ নিয়মৰ দ্বাৰা পৰিচালিত হয়। অসম চৰকাৰৰ পেন্স আৰু ৰাজহুৱা অভিযোগ বিভাগত পেন্সনৰ অন্তিম ৰূপ দিয়ালৈকে চৰকাৰী কৰ্মচাৰী এজনৰ অৱসৰ গ্ৰহণ কৰাৰ পাছত অস্থায়ী পেন্সনৰ তত্কালীন মঞ্জুৰীৰ কাৰণে অধিসূচনা জাৰি কৰি দিছে। বিভাগীয় বিচাৰ/ ন্যায়িক কাৰ্য্যবাহৰ কাৰণে যদি পলম হোৱাৰ সম্ভাৱনা থাকে, তেনে ক্ষেত্ৰত এ.এছ.(পেন্সন) নিয়ম, ১৯৬৯ৰ ২১ নম্বৰ নিয়মৰ অধীনত অস্থায়ী পেন্সনৰ কাৰণে অনুমোদন জনোৱা হয়।

বিভাগৰ মুৰব্বী/কাৰ্য্যালয়ৰ মুৰব্বী/গণনা বিষয়াৰ দ্বাৰা অৱসৰ পাব লগীয়া চৰকাৰী কৰ্মচাৰীজনৰ ম্যাদপূৰ্তীৰ আগতে পৰিচয় পত্ৰ প্ৰস্তুতৰ প্ৰক্ৰিয়া অতি কমেও ২৪ ৰ পৰা ৩০ মাহৰ আগৰ পৰা আৰম্ভ হয়। অৱসৰ হবলগীয়া চৰকাৰী কৰ্মচাৰীজনে নিজৰ অধিবৰ্ষৰ তাৰিখৰ ২ বছৰৰ আগতে পেন্সন কাগজৰ কাৰ্য্যবাহৰ কাৰণে আবেদন পত্ৰ প্ৰদান কৰিব লাগে। অৱসৰ পাবলগীয়া বিষয়াগৰাকীয়ে এক নিৰ্দ্ধাৰিত বিন্যাসত কাৰ্য্যালয়ৰ মুৰব্বীক কিছুমান তথ্য(উদাহৰণ স্বৰূপে পতি/পত্নীৰ লগত সংযুক্ত ফটো, পৰিয়ালৰ বিৱৰণ, বেংকৰ নাম যাৰ জৰিয়তে পেন্সন ড্ৰ কৰা হব) দাখিল কৰিব লাগে। কাৰ্য্যালয়ৰ মুৰব্বীয়ে অৱসৰৰ ৬ মাহৰ আগতে পেন্সনৰ কাগজ পত্ৰসমূহ এ.জি./ডি.পি. লৈ পঠোৱাটো আৱশ্যকীয়।

কাৰ্য্যালয়ৰ মুৰব্বী/ গণনা বিষয়াই সময়ত ভালদৰে পেন্সনৰ কাগজসমূহ কাৰ্য্যবাহ কৰিব লাগে যাতে পেন্সনভোগীয়ে অৱসৰৰ ঠিক পিছৰ পৰাই পেন্সন লাভ কৰিব পাৰে। চৰকাৰী অনুমোদিত ৰাজহুৱা খণ্ডৰ বেংকৰ কোনো শাখাৰ জৰিয়তে পেন্সন ড্ৰ কৰিব পাৰে(অসমত বৰ্তমান ৯ টা প্ৰাধিকৃত বেংকে পেন্সন বিতৰণৰ কাম পৰিচালিত কৰি আছে)। সমস্ত প্ৰক্ৰিয়াৰ মাধ্যমেৰে যোৱাৰ পাছত এ.জি./ডি.জি. সংশ্লিষ্ঠ বেংক/ট্ৰেজাৰীৰ লগতে পেন্সনভোগীক পেন্সন আদায়ৰ আদেশ জাৰি কৰে।যদি পেন্সনভোগীয়ে পেন্সন আহৰণৰ বেংক/ট্ৰেজাৰী/স্থান সলনি কৰিব বিচাৰে, তেন্তে তেওঁ পেন্সন আদায়ৰ আদেশত প্ৰয়োজনীয় শুধৰণিৰ কাৰণে সংশ্লিষ্ট গণনা বিষয়া/পি.এ.অ. লৈ আবেদন কৰিব লাগিব।