মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ পেঞ্চন আৰু ৰাজহুৱা অভিযোগ

পেন্সন পৰিচয় পত্ৰ তৈয়াৰ/প্ৰাপ্ত কৰাৰ কাৰণে

পেন্সন আৰু ৰাজহুৱা অভিযোগ বিভাগে তলত উল্লেখ কৰা নিৰ্দ্দেশ/নিৰ্দ্দেশাৱলী সহ সকলো সংযুক্ত বিন্যাস অনুসৰি ৰাজ্য চৰকাৰৰ পেন্সনভোগীসকলক পৰিচয় পত্ৰ প্ৰদান কৰাৰ কাৰণে অধিসূচনা জাৰি কৰিছে:-

১. অৱসৰপ্ৰাপ্ত ৰাজ্য চৰকাৰৰ কৰ্মচাৰী/পেন্সনভোগীসকলক পৰিচয় পত্ৰ সংশ্লিষ্ট প্ৰশাসনিক বিভাগ, বিভাগৰ প্ৰমূখ্যকাৰ্য্যালয়ৰ জিলা প্ৰমুখ্যৰ দ্বাৰা অৱসৰপ্ৰাপ্ত/অৱসৰ পাবলগীয়া চৰকাৰী কৰ্মচাৰীৰ দ্বাৰা জমা কৰা আবেদনৰ ওপৰত ভিত্তি কৰি সংশ্লিষ্ট অনুমোদিত কৰ্তৃপক্ষৰ জৰিয়তে জাৰি কৰা হব।

(ক) ভা.প্ৰ.সে., আই.পি.এছ. আৰু আই.এফ.এছ. বিষয়াসকলৰ দৰে সকলো ভাৰতীয় সেৱাৰ কাৰণে তেওঁলোকৰ পৰিচয়পত্ৰ সম্বন্ধিত কেডাৰ নিয়ন্ত্ৰণ বিভাগৰ দ্বাৰা যেনে কৰ্মচাৰী, গৃহ আৰু পৰিবেশ আৰু বন বিভাগৰ দ্বাৰা জাৰি কৰা হব।

(খ) অসম অসামৰিক সেৱা, অসম পুলিচ সেৱা, অসম বন সেৱা, অসম শিক্ষা সেৱা আৰু অসম বিত্ত সেৱাৰ কাৰণে তেওঁলোকৰ পৰিচয়পত্ৰ সম্বন্ধিত কেডাৰ নিয়ন্ত্ৰণ বিভাগৰ দ্বাৰা যেনে কৰ্মচাৰী(প্ৰ), গৃহ, পৰিবেশ আৰু বন, বিত্ত বিভাগৰ দ্বাৰা জাৰি কৰা হব।

(গ) অৱসৰপ্ৰাপ্ত অসম ন্যায়িক সেৱা বিষয়া আৰু ইয়াৰ প্ৰশাসনিক নিয়ন্ত্ৰণৰ অধীনত কাম কৰা অন্য কৰ্মচাৰীৰ কাৰণে পৰিচয় পত্ৰ জাৰি কৰাৰ সম্বন্ধত মাননীয় গুৱাহাটী উচ্চ ন্যায়ালয়ে অৱসৰপ্ৰাপ্ত অসম ন্যায়িক সেৱা বিষয়া আৰু কৰ্মচাৰীসকলৰ ক্ষেত্ৰত একে ধৰণৰ প্ৰক্ৰিয়া অৱলম্বন কৰা হয়।

(ঘ) গড়কাপ্তানি বিভাগ, জলসিঞ্চন, জনস্বাস্থ্য কাৰিকৰী, জল সম্পদ আৰু অন্যান্য আনুসংগিক বিভাগ যেনে কৰিকৰী বিভাগৰ বিষয়াসকলৰ কাৰণে সম্বন্ধিত কেডাৰ নিয়ন্ত্ৰণ বিভাগে তেওঁলোকৰ প্ৰশাসনিক নিয়ন্ত্ৰণ বিভাগৰ অধীনত কাম কৰা বিষয়াসকলক পৰিচয় পত্ৰ জাৰি কৰিব।

(ঙ) অসম সচিবালয় সেৱা/ষ্টেগ্ৰাফী সেৱা সম্বন্ধিত সচিবালয়ত কাম কৰা অধিকাৰী আৰু কৰ্মচাৰীৰ কাৰণে তেওঁলোকৰ অৱসৰৰ পৰিচয় পত্ৰসচিবালয় প্ৰশাসন(কৰ্মচাৰীবৰ্গ) বিভাগৰ দ্বাৰা জাৰি কৰা হব। অৱসৰপ্ৰাপ্ত ষ্টেনোগ্ৰাফাৰৰ কাৰণে তেওঁলোকৰ পৰিচয় পত্ৰ বিশেষ বিষয়া আৰু পাদেন বিষয়া উপ সচিবৰ দ্বাৰা অনুমোদিত সচিবালয় প্ৰশাসন(কৰ্মচাৰীবৰ্গ) বিভাগক ব্যক্তিগত আবেদনৰ ভিত্তিত জাৰি কৰা হব।

(চ) অসম সচিবালয়ত কৰ্মৰত বিষয়া আৰু কৰ্মচাৰীসকল যি অসম সচিবালয় সেৱাভোক্ত নহয়, তেওঁলোকৰ লগত সম্বন্ধিত নিয়ন্ত্ৰক বিষয়াৰ দ্বাৰা যথাযথ অনুমোদিতসচিবালয় প্ৰশাসন(কৰ্মচাৰীবৰ্গ) বিভাগলৈ পৃথক আবেদন পত্ৰৰ ভিত্তিত তেওঁলোকৰ অৱসৰৰ ক্ষেত্ৰত পৰিচয় পত্ৰ প্ৰদান কৰিব পৰা যায়। তেওঁলোকৰ পৰিচয় পত্ৰ সচিবালয় প্ৰশাসন(কৰ্মচাৰীবৰ্গ) বিভাগৰ দ্বাৰা জাৰি কৰা হব।

২. পৰিচয় পত্ৰৰ খৰচ অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰীৰ দ্বাৰা বহন কৰা হব।

৩. পৰিচয় পত্ৰ কাৰণে অৱসৰপ্ৰাপ্ত চৰকাৰী সেৱকে ২ খন পাচপোৰ্ট আকাৰৰ ফটো আবেদনৰ সৈতে গাঠি দিব লাগিব।

৪. পৰিচয় পত্ৰ খনে তেওঁলোকক অসম সচিবালয় আৰু অন্যান্য চৰকাৰী কাৰ্য্যালয়ত প্ৰবেশৰ সুযোগ দিব। অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰীৰ দ্বাৰা অসম সচিবালয়ত প্ৰবেশৰ কাৰণে বেলেগ বেলেগ প্ৰৱেশ পাছৰ প্ৰয়োজন নহয়। অৱসৰপ্ৰাপ্ত কৰ্মচাৰী/পেন্সনভোক্তাৰ কাৰণে অসম সচিবালয়ত প্ৰৱেশৰ কাৰণে পৃথক শাৰী থাকে। এখন পৃথক ৰেজিষ্ট্ৰাৰত প্ৰৱেশ দ্বাৰৰ মুখত তেওঁলোকৰ প্ৰৱেশৰ ৰেকৰ্ড ৰখা হয়।

৫. জিলা আৰু মহকুমা স্তৰত, উপ স্তৰত উপায়ুক্ত আৰু মহকুমাধিপতিয়ে এজন প্ৰাধিকৃত বিষয়াক অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰীজনে সেৱা আগবঢ়োৱা বিভাগৰ মুৰব্বী বিষয়াৰ পৰা অনুমোদিত পৰিচয় পত্ৰ জাৰি কৰিবৰ কাৰণে নিযুক্তি দিব। উপায়ুক্ত আৰু মহকুমাধিপতিয়ে(অসামৰিক) পৰিচয় পত্ৰ জাৰি কৰাৰ ক্ষেত্ৰত উচিত ৰেকৰ্ড ৰখাৰ কাৰণে দায়ী হব যাতে নকল নাইবা জাল পৰিচয় পত্ৰৰ সমস্যাত নপৰে।

৬. পৰিচয় পত্ৰৰ বৈধতা জাৰি কৰা তাৰিখৰ পৰা ১০ বছৰৰলৈকে থাকিব। যদি প্ৰয়োজন হয় তেন্তে পৰিচয় পত্ৰৰ পুনঃনবীকৰণ প্ৰতি ৫ বছৰৰ বাবে কৰা হব।

অনুগ্ৰহ কৰি পেন্সন আৰু ৰাজহুৱা অভিযোগ বিভাগৰ জাননী নং. পি.পি.জি.(জি)১১/২০১২/৮৩ দিনাংক দিছপুৰ ২৬ জুন ২০১৩ আৰু পেন্সভোগীৰ কাৰণে পৰিচয় পত্ৰৰ আবেদন পত্ৰ তলত উল্লেখ কৰা হলঃ

Downloads
TitleSizeDetail
PDF icon Notification No.PPG(G)11/2012/83 Dated Dispur 26th June 2013.99.3 KBswf-image
PDF icon Form of application for ID Card for Pensioners15.69 KBswf-image