মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ পেঞ্চন আৰু ৰাজহুৱা অভিযোগ

পি.এ.অ./ট্ৰেজাৰীৰ পৰা অনুমোদিত বেংকলৈ পেন্সন পৰিশোধৰ চুইচ অভাৰ কৰাৰ বাবে আবেদন

১. বিদ্যমান পেন্সনভোগীৰ দ্বাৰা অনুমোদিত বেংকলৈ চুইচ অভাৰ কৰাৰ কাৰণে আবেদন নিৰ্দ্ধাৰিত বিন্যাসত পেন্স বিতৰণকাৰী কৰ্তৃপক্ষলৈ কৰিব লাগিব।

২. পেন্সনভোগীয়ে পেন্সন পেপাৰসমূহ অনুমোদিত বেংকলৈ হস্তান্তৰকৰণ কৰাৰ কাৰণে আবেদন কৰাৰ আগতে প্ৰথমে পাবলগীয়া পেন্সন ড্ৰ কৰি লব লাগিব।

৩. ডুপ্লিকেট হস্তান্তৰকৰণৰ আবেদন পত্ৰ পেন্সন বিতৰণকাৰী কৰ্তৃপক্ষৰ দ্বাৰা পি.পি.এ. ৰ আংশীকভাৱে বিতৰণকাৰী কপি সহ সত্যাসত্য প্ৰমাণিত আৰু আপটোডেট, নিজৰ নথি লেখ্যত আৱশ্যকীয় টোকা ৰখাৰ পিছত পৰিশোধৰ ব্যৱস্থাৰ কাৰণে অনুমোদিত বেংকৰ লিংক শাখাত পি.এ.অ.লৈ প্ৰেৰণ কৰিব লাগিব। পি.পি.অ. ক হস্তান্তৰকৰণ আবেদন পঠিওৱাৰ পূৰ্বে পি.এ.অ. ত পেন্সনভোগীৰ প্ৰদত্ত অংশৰ আপডেট কৰাৰ কাৰণে পেন্সন বিতৰণকাৰী কৰ্তৃপক্ষৰ দ্বাৰা পদক্ষেপ লব লাগিব, যদিহে ইতিমধ্যে সম্পন্ন হোৱা নাই।

৪. যদি কোনো পি.পি.অ.(বিতৰণ কৰা অংশ) কাটা বা বিকৃত হয়, তেনেহলে লিংক শাখালৈ পঠোৱাৰ পূৰ্বে সেইয়া পি.এ.অ.ৰ মাধ্যমে পুনৰনবীকৰণ কৰা হব।