মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ পেঞ্চন আৰু ৰাজহুৱা অভিযোগ

অসামান্য পেঞ্চন অনুমোদনৰ বাবে আবেদন

যেতিয়াই প্ৰতিবন্ধী পেঞ্চন বা পৰিয়াল ভাট্টাৰ দাবী উত্থাপন হয়, মৃত কৰ্মচাৰী জনে চাকৰি কৰা বিভাগ বা কাৰ্য্যালয়ৰ প্ৰমুখ্যেতলত উল্লেখ কৰা নথি সমূহৰ সৈতে উক্ত দাবী সঠিকধৰণে অসম চৰকাৰলৈ প্ৰেৰণ কৰিব। :-

(১) জখম, মৃত্যু আদি কি পৰিস্থিতিত সংঘটিত হৈছে ইয়াৰ এক সম্পূৰ্ণ বিবৃতি প্ৰদান কৰা

(২) নিৰ্ধাৰিত ধৰণত প্ৰতিবন্ধী পেঞ্চন/পৰিয়াল ভাট্টাৰ বাবে আবেদন কৰিব লাগিব।

(৩) চৰকাৰী কৰ্মচাৰী জখম হোৱা বা ৰোগ সংকোচন হোৱা সন্দৰ্ভত নিৰ্ধাৰিত ধৰণে চিকিত্সালয় কৰ্তৃপক্ষৰ তৰফৰ পৰা প্ৰদান কৰাএক প্ৰতিবেদন।কৰ্মাচাৰীৰ মৃত্যু সংঘটিত হলেচিকিত্সালয় কৰ্তৃপক্ষই এই ক্ষেত্ৰত মৃত্যুৰ সঠিক কাৰণ সহ এক প্ৰমাণ পত্ৰ প্ৰদান কৰাবা যদিহে চিকিত্সালয় কৰ্তৃপক্ষই প্ৰমাণ পত্ৰ প্ৰদান কৰিব নোৱাৰা পৰিস্থিতিত কৰ্মচাৰীৰ মৃত্যু সংঘতিত হয় তেনেহলে বিশ্বাসযোগ্য অন্য কোনো প্ৰমাণ দাঙি ধৰা।

(৪) কোনো অনুদান প্ৰদান কৰিব পাৰা বা নোৱাৰা সন্দৰ্ভত নিৰ্দিষ্ট নিয়ম অনুসৰণ কৰা আৰু যদিহে পাৰি তেনেহলে ইয়াৰ পৰিমাণ কিমান হব এই সন্দৰ্ভত সংশ্লিষ্ট গাণনিক বিষয়াই এক প্ৰতিবেদন প্ৰদান কৰিব।

ওপৰোক্ত নথি সমূহৰ সৈতে প্ৰস্তাৱটো লাভ কৰাৰ পাছত চৰকাৰে অসম সেৱা (অসামান্য পেঞ্চন) অধিনিয়ম ১৯৬৩ অনুসৰি এই প্ৰস্তাৱটো পৰীক্ষা কৰিব আৰু যোগ্য প্ৰমাণিত হলে এই প্ৰস্তাৱৰ বিপৰীতে অসামান্য পেঞ্চন প্ৰদান কৰিব।