মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ পেঞ্চন আৰু ৰাজহুৱা অভিযোগ

চিকিত্সালয় পৰীক্ষাৰ বাবে আবেদন

পেঞ্চন বিনিময়ৰ বাবে

চিকিত্সালয় কৰ্তৃপক্ষইঃ

  • তেওঁলোকৰ উপস্থিতিত আবেদনকাৰীয়ে কৰা স্বাক্ষৰ সহ প্ৰ-পত্ৰ-১ৰ প্ৰথম খণ্ডত আবেদনকাৰীয়ে উল্লেখ কৰা বিবৃত্তিলাভ কৰিব।
  • আবেদনকাৰীক স্বাস্থ্য পৰীক্ষা কৰি ইয়াৰ পৰিণাম প্ৰ-পত্ৰ-২ত সন্নিবিষ্ট কৰিবলৈ পৰামৰ্শ দিব।
  • প্ৰ-পত্ৰচি.ৰ ৩য় খণ্ডত উল্লেখ থকা প্ৰমাণ পত্ৰ খন সম্পূৰ্ণ কৰিব।

যত কৰা হয়ঃ-

  • চাকৰিৰ সম্পূৰ্ণ কাল সমাপ্তৰ এবছৰ পাছত এগৰাকী আবেদনকাৰীয়ে পেঞ্চন বিনিময়ৰ বাবে আবেদন কৰিব।
  • অসম সেৱা (পেঞ্চন) অধিনিয়ম, ১৯৬৯ৰ ৯৭,৯৮নং নিয়ম অনুসৰিভি.আৰ.এছ. গ্ৰহণ কৰাৰ পাছত আবেদনকাৰীয়ে পেঞ্চন বিনিময়ৰ বাবে আবেদন কৰিলে।
  • এজন আবেদনকাৰীক চিকিত্সালয় পৰীক্ষাৰ ভিত্তিত পেঞ্চন বিনিময় প্ৰদান কৰা নহল, বা
  • নিজৰ প্ৰকৃত বয়সতকৈ অধিক বয়স উল্লেখ কৰাৰ বাবে এজন আবেদনকাৰীয়ে পেঞ্চন বিনিময় গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছে, গতিকে চিকিত্সালয় কৰ্তৃপক্ষই প্ৰ-পত্ৰ চি.ৰ ৩য় খণ্ডৰ অন্তৰ্গত প্ৰমাণ পত্ৰ সম্পূৰ্ণ কৰাৰ পূৰ্বে আবেদনকাৰীয়ে প্ৰদান কৰা বিবৃতিক বিবেচনা কৰিব।

উপ–নিয়ম(১)ৰ সকলো প্ৰয়োজন পূৰণ কৰাৰ পাছত, অনতিপলমে চিকিত্সালয় কৰ্তৃপক্ষই পৰৱৰ্তী পদক্ষেপ গ্ৰহণৰ বাবে নথিবোৰ পেঞ্চন আৰু ৰাজহুৱা অভিযোগ বিভাগক প্ৰেৰণ কৰিব।

অমান্য পেঞ্চনৰ বাবে

কোনো চৰকাৰী কৰ্মচাৰীয়ে চাকৰিকালতে শাৰীৰিক অসুস্থতাৰ বাবে সেৱা আগবঢ়োৱাৰ বাবে অসমৰ্থ হলে তেঁও অমান্য পেঞ্চন লাভ কৰিব পাৰে, কিন্তু এই সুবিধা এ.এছ.(পি.) অধিনিয়ম ১৯৬৯ত উল্লেখ থকা কিছু চৰ্তাৱলীসমূহ অনুসৰিহে লাভ কৰিব। এনে ক্ষেত্ৰত এজন কৰ্মচাৰীক অমান্য পেঞ্চন লাভৰ বাবে যোগ্য ঘোষণা কৰাৰ পূৰ্বে সংশ্লিষ্ট বিভাগীয় প্ৰমুখ্য/প্ৰশাসনীয় বিভাগে এ.এছ.(পি.) অধিনিয়ম ১৯৬৯ৰ ৮৩নং নিয়ম অনুসৰণ কৰিব লাগিব। এই ক্ষেত্ৰত যদিহে কোনো অসুবিধাৰ সৃষ্টি হয়, তেনেহলেইয়াৰ দুৰীকৰণৰ বাবে তেঁওলোকে পি. এণ্ড পি.জি. বিভাগক যোগাযোগ কৰিব পাৰে।