মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ পেঞ্চন আৰু ৰাজহুৱা অভিযোগ

অৱসৰৰ পাছত পৰিয়াল ভাট্টা লাভৰ মঞ্জুৰীৰ বাবে পি.পি.ও.ত পতি/পত্নীৰ নাম অন্তৰ্ভুক্ত কৰাৰ বাবে আবেদন

  • যদি কোনো কৰ্মচাৰীয়ে অৱসৰৰ পাছত বিবাহ বা পুনৰ বিবাহ সম্পন্ন কৰে বা তেওঁৰ সন্তান জন্ম হয় তেনেহলে এই বিষয়ে কৰ্মচাৰী গৰকীয়ে তেঁওৰ কাৰ্য্যালয় প্ৰমুখ্যক অৱগত কৰিব লাগিব যাৰ লগত কৰ্মচাৰী জনৰ পেঞ্চন সম্পৰ্কীয় নথি সমূহ জমা থাকে। অৱসৰৰ পাছতে সম্পন্ন হোৱা বিবাহৰ বা সন্তান জন্মৰ বিপৰীতে পঞ্জীয়ক/গাঁও পঞ্চায়ত/জিলা দণ্ডাধীশে প্ৰদান কৰা প্ৰমাণ পত্ৰও কৰ্মচাৰী গৰাকীয়ে আৱেদনৰ সৈতে জমা দিব লাগিব।
  • ওপৰত উল্লেখ কৰা আবেদন খন লাভ কৰাৰ পাছত আৰু প্ৰয়োজন সাপেক্ষে ইয়াৰ সত্যাসত্য নিৰ্ণয় কৰাৰ পাছত কাৰ্য্যালয় প্ৰমুখ্যেনথি সমূহ অসমৰ মহাগাণনিক/পেঞ্চন সঞ্চালকক প্ৰেৰণ কৰিব যিহেতু এই সন্দৰ্ভত অসম সেৱা (পেঞ্চন) অধিনিয়ম, ১৯৬৯ৰ ১৪৩নং অধিনিয়মৰ অধীনতশুদ্ধিপত্ৰ পি.পি.ও. প্ৰদান কৰিব লগীয়া হব পাৰে। অসম সেৱা (পেঞ্চন) অধিনিয়ম, ১৯৬৯ৰ ১৪৩নং নিয়ম অনুসৰি পৰিয়াল ভাট্টাৰ যোগ্যতা নিৰ্ণয় কৰা হব।
  • যিহেতু পেঞ্চন বিতৰণ কৰ্তৃপক্ষৰ বাবে ই বিবেচনাৰ বিষয় হব পাৰে গতিকে অসমৰ মহাগাণনিক/পেঞ্চন সঞ্চালকে ইয়াৰ বাবে শুদ্ধিপত্ৰ পি.পি.অ. প্ৰেৰণ কৰিব।শুদ্ধিপত্ৰ পি.পি.অ.ৰ এক প্ৰতিলিপি পেঞ্চনাৰলৈও প্ৰেৰণ কৰা হব।