মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ পেঞ্চন আৰু ৰাজহুৱা অভিযোগ

সফলতাৰ কাহিনীসমূহ
  • ২০১৬-১৭ বৰ্ষত (জুন ২০১৬ৰ পৰা মাৰ্চ, ২০১৭লৈকে) সৰ্বমুঠ ১০৬৮৩ টা পেন্সনৰ অভিযোগ সমাধা কৰা হয়।
  • ২০১৬-১৭ বৰ্ষত ৫২২৮ টা পেন্সন লঘুকৰণ কেচ অনুমোদিত কৰা হয়।
  • ২১-০৬-২০১৬ৰ পৰা চি.পি.জি.আৰ.এ.এম.এছ.ৰ বাবে এই বিভাগত ইণ্টাৰনেট সংযোগ ব্যৱস্থা সক্ৰিয় কৰা হয়। কেন্দ্ৰীয় চৰকাৰৰ পৰা অহা সকলো জন অভিযোগ এই বিভাগত পৰীক্ষা কৰি সংশ্লিষ্ট প্ৰশাসনীয় বিভাগসমূহলৈ যথোচিত সমাধানৰ বাবে প্ৰেৰণ কৰা হয়।
  • চৰকাৰে পেন্সন আৰু ৰাজহুৱা অভিযোগৰ বিভাগতো জি.পি.এফ অৰ্থাত্ সাধাৰণ ভৱিষ্যত নিধিৰ সবিশেষ এই নিধিৰ সকলো উপভোক্তা ইণ্টাৰনেটৰ যোগেদি প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।
  • পেন্সনাৰ/পৰিয়াল পেন্সনাৰসকলক জীৱনৰ প্ৰমাণ-পত্ৰ বেংকৰ যিকোনো শাখাত দাখিল কৰাৰ সুবিধা প্ৰদান কৰি তেওঁলোকৰ বাবে পেন্সন গ্ৰহণ কৰা সুবিধাজনক কৰি তোলা হৈছে।
  • এতিয়াৰ পৰা পেন্সন অনুমোদন কৰ্তৃপক্ষৰ অনুমতি অবিহনেই প্ৰশাসনীয় বিভাগসমূহে ১,০০,০০০ টকা পৰ্যন্ত বাকী পাওনাৰ পেন্সন অনুমোদন কৰিব পাৰে।
  • পেন্সন আৰু ৰাজহুৱা অভিযোগৰ দপ্তৰত চৰকাৰে অসম সেৱা (পেন্সন) নিয়মাৱলী ১৯৬৩ৰ অধীনত সংশোধন কৰি পৰিয়াল পেন্সনৰ ক্ষেত্ৰত পৰিয়ালৰ ভিতৰত পিতৃ-মাতৃক অন্তৰ্ভুক্ত কৰে।
  • বেতনৰ সংশোধিত গঠনত বিশেষ পৰিয়াল পেন্সনৰো ব্যৱস্থা কৰা হয়।
  • ভাৰত চৰকাৰৰ অধীন এন.পি.এছ.ত কাম কৰা মৃত অথবা শাৰিৰীকভাৱে অক্ষম লোকৰ বাবে অস্থায়ীভাৱে, শাৰিৰীকভাৱে অক্ষম লোকৰ পেন্সন আৰু পৰিয়াল পেন্সনৰ সুবিধা আগবঢ়োৱা হয়।
  • পেন্সনাৰসকলক খবৰ দিবৰ বাবে মিমাংসিত হোৱা পেন্সনৰ কেচসমূহৰ তথ্য খবৰ কাকতত প্ৰতি মাহে প্ৰকাশ কৰা হয়।
  • বৰ্তমানলৈকে ৯টা ৰাষ্ট্ৰীয় বেংকত চৰকাৰী পেন্সনাৰসকলক পেন্সন দিয়া হৈছে।
  • পেন্সন লঘূকৰণৰ ক্ষেত্ৰত চৰকাৰে পেন্সন আৰু ৰাজহুৱা অভিযোগৰ দপ্তৰত সুদৰ হাৰ ৪.৭৫ শতাংশৰ পৰা ৮ শতাংশলৈ বৃদ্ধি কৰে।
Success Stories