মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ পেঞ্চন আৰু ৰাজহুৱা অভিযোগ

পেন্সনৰ দফাসমূহ

বাৰ্ধক্যজনিত পেন্সন

বাৰ্ধক্য পেন্সন এনে চৰকাৰী চাকৰিয়ালক প্ৰদান কৰা হয়, যিয়ে ৬০ বছৰ বয়সত চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে।

অৱসৰপ্ৰাপ্ত পেন্সন

অৱসৰপ্ৰাপ্ত পেন্সন অৱসৰ গ্ৰহণ কৰা চৰকাৰী চাকৰিয়ালক প্ৰদান কৰা হয় বা এনে চৰকাৰী চাকৰিয়ালক দিয়া হয় যিয়ে বাৰ্ধক্য লাভ কৰাৰ আগতে অৱসৰ লয় অথবা যিয়ে স্বেচ্ছাকৃতভাৱে অৱসৰ লয়।
যিকোনো চৰকাৰী চাকৰিয়ালে ২০ বছৰ চাকৰি সম্পূৰ্ণ কৰাৰ পৰা আৰম্ভ কৰি অৱসৰ পোৱাৰ তিনি মাহ আগলৈকে অথবা ৫০ বছৰ বয়সত (যিয়েই আগে হয়) স্বেচ্ছাকৃতভাৱে অৱসৰ লব পাৰে। কিন্তু স্বেচ্ছাকৃত অৱসৰ গ্ৰহণ কৰিবৰ বাবে ব্যক্তিগৰাকীৰ বিৰুদ্ধে কোনো ধৰণৰ অনুসন্ধান অথবা বিভাগীয় তদন্ত থাকিব নালাগিব

অকাৰ্যকৰী পেন্সন

যদি কোনো চৰকাৰী চাকৰিয়ালক তেওঁৰ অসন্তুলিত শাৰিৰীক অথবা মানসিক দুৰ্বলতাৰ বাবে অৱসৰ দিয়া হয়, তেন্তে তেনে ব্যক্তিক অকাৰ্যকৰী পেন্সন দিয়া হয়। তেনে অকাৰ্যকৰী পেন্সনৰ আবেদনত যাৱতীয় চিকিত্সাৰ নথিপত্ৰসমূহ প্ৰদৰ্শন কৰিব লাগে।

ক্ষতিপূৰণ পেন্সন

যদি কোনো এটা স্থায়ী পদ বা চাকৰিৰ বাতিলকৰণৰ ফলত এজন চৰকাৰী চাকৰিয়ালে চাকৰিৰ পৰা অব্যাহতি লবলগীয়া হয়, তেন্তে তেনে ব্যক্তিক অন্য এটা চাকৰিত নিয়োজিত নোহোৱা পৰ্যন্ত সংশ্লিষ্ট কৰ্তৃপক্ষৰ সিদ্ধান্ত মৰ্মে নিম্নোল্লেখিত বিকল্প অনুযায়ী ক্ষতিপূৰণ পেন্সন দিয়া হয়-

  • ব্যক্তিগৰাকীয়ে চাকৰি কালত আগবঢ়োৱা সেৱাৰ ভিত্তিত ক্ষতিপূৰণ পেন্সন প্ৰদান কৰা, অথবা
  • একে মাহেকীয়া বেতনত আন এটা চাকৰিত নিয়োজিত হোৱা আৰু আগৰ চাকৰিৰ ভিত্তিত পেন্সন গ্ৰহণ কৰা।

সহানুভূতিশীল অনুদান

যদি কোনো এগৰাকী ব্যক্তি ২৫ বছৰতকৈ কম সমযৰ বাবে সেৱা আগবঢ়াইছে তেন্তে তেনে ব্যক্তিয়ে সহানুভূতিশীল, অকাৰ্যকৰী আৰু বাৰ্ধক্য পাৰিতোষিক এমাহৰ সম্পূৰ্ণ বেতন প্ৰত্যেক বছৰৰ বাবে লাভ কৰিব। উচ্চতৰ স্তৰৰ চাকৰিৰ ক্ষেত্ৰত ১০ বছৰতকৈ কম সময়ৰ সেৱাৰ ক্ষেত্ৰত সহানুভূতিশীল অনুদান আৰু ১০ বছৰতকৈ অধিক কাল আগবঢ়োৱা সেৱাৰ বাবে পেন্সন দিয়া হয়।

অসাধাৰণ পেন্সন

অসাধাৰণ পেন্সন চৰকাৰী চাকৰিয়াল/তেওঁৰ মৃত্যুৰ পাছত পৰিয়ালক/দুৰ্ঘটনাগ্ৰস্ত হোৱা অক্ষম ব্যক্তি আদিক অসম সেৱা নিয়মাৱলী ১৯৬৩ৰ ভিত্তিত প্ৰদান কৰা হয়।

পৰিয়াল পেন্সন

পৰিয়াল পেন্সন ০১-০১-১৯৬৪ চনত বা তাৰ পিছত অথবা ৩১-০১-২০০৫ৰ আগতে চাকৰিত যোগদান চৰকাৰী চাকৰিয়ালৰ বিধবা পত্নী/পতিক আৰু যেতিয়া কোনো পতি বা পত্নী নাথাকে তেতিয়া তেওঁৰ সন্তানক প্ৰদান কৰা হয়।
নতুন পেন্সন আঁচনিৰ অন্তৰ্গত চৰকাৰী চাকৰিয়াল/শাৰিৰীকভাৱে অক্ষম চৰকাৰী চাকৰিয়ালৰ মৃত্যুৰ পিছত তেওঁৰ পৰিয়ালক চৰ্তপূৰ্ণ পৰিয়াল পেন্সন/শাৰিৰীকভাৱে অক্ষমৰ পেন্সন/অকাৰ্যকৰী পেন্সন/ডি.চি.আৰ.জি আদি প্ৰদান কৰা হয়। পৰিয়াল পেন্সন ১৮ বছৰ বয়সলৈকে ব্যক্তিগৰাকীৰ সন্তানক আৰু ছোৱালী সন্তানক ২১ বছৰ বয়স পৰ্যন্ত বা বিয়া নোহোৱা পৰ্যন্ত (যিটো আগতীয়াকৈ হয়) দিয়া হয়।
পৰিয়াল পেন্সন মৃত ব্যক্তিগৰাকীৰ ওপৰত নিৰ্ভৰশীল পিতৃ-মাতৃ/ভাতৃ (১৮ বছৰ বয়সলৈকে/ভগ্নী (২১ বছৰ বয়সলৈকে) আদিকো প্ৰদান কৰা হয়।
যদি মৃত চৰকাৰী চাকৰিয়ালজনৰ পুত্ৰ বা পুত্ৰী কোনো ধৰণৰ শাৰিৰীক বা মানসিক ৰোগাক্ৰান্ত তেন্তে তেনে লোকক জীৱনজোৰা পৰিয়াল পেন্সন প্ৰদান কৰা হয়।

Pension Classes