মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ পেঞ্চন আৰু ৰাজহুৱা অভিযোগ

পেন্সনৰ সা-সুবিধাসমূহ

পেন্সন

পেন্সন গ্ৰহণ কৰাৰ ন্যূনতমযোগ্যতাৰ সময়সীমা হৈছে ১০ বছৰ। পেন্সনৰ নিয়মৰ সৈতে সংগতি ৰাখি অৱসৰ গ্ৰহণ কৰা ৰাজ্যিক চৰকাৰৰ কৰ্মচাৰী এজনে বাৰ্ধক্যজনিত পেন্সন চাকৰি কৰাৰ অন্ততঃ ১০ বছৰ পূৰণ হোৱাৰ পিছতহে গ্ৰহণ কৰিব পাৰিব। পৰিয়াল পেন্সনৰ ক্ষেত্ৰত এগৰাকী বিধৱা মহিলাই তেখেতৰ স্বামীৰ মৃত্যুৰ পিছত তেতিয়াহে পেন্সন গ্ৰহণ কৰিব পাৰিব যেতিয়া তেওঁৰ স্বামীয়ে জীৱিত অৱস্থাত অন্ততঃ ১ বছৰ ধাৰাবাহিকভাৱে চাকৰি কৰাৰ প্ৰমাণ থাকিব।

    • পেন্সনৰ পৰিমাণ গণনা সৰ্বমুঠ চাকৰিৰ কাৰ্যকাল আৰু শেষৰ ১০ মাহত চৰকাৰী চাকৰিয়াল এজনে লাভ কৰা বেতনৰ গড় অনুপাতৰ ওপৰত নিৰ্ভৰ কৰি এজন ব্যক্তিয়ে পাবলগীয়া পেন্সনৰ পৰিমাণ ধাৰ্য কৰা হয়।
      1. আৰ.অ.পি. ২০১০ৰ নিয়মাৱলী অনুসৰি ১-৪-২০০৯ৰ পৰা এজন চৰকাৰী চাকৰিয়ালে বাৰ্ধক্যজনিত পেন্সন লাভ কৰাৰ যোগ্যতাৰ সীমা ৩৩ বছৰৰ পৰা ২৫ বছৰলৈ হ্ৰাস কৰা হৈছে।
      2. এজন অৱসৰপ্ৰাপ্ত চৰকাৰী চাকৰিয়ালৰ গড় বেতনৰ ৫০ শতাংশ পৰিমাণক সম্পূৰ্ণ পেন্সন হিচাপে ধাৰ্য কৰা হব আৰু তাৰ বাবে চাকৰিয়ালজনে অন্ততঃ ৩৩ বছৰ কাল চাকৰি কৰাৰ প্ৰমাণ থাকিব লাগিব (১-৪-২০০৯ৰ আগৰ পেন্সনাৰৰ ক্ষেত্ৰত) আৰু ১-৪-২০১৯ৰ পিছৰ পেন্সনাৰৰ ক্ষেত্ৰত ২৫ বছৰ কাৰ্যকাল থকা হব লাগিব।
      3. যদি যোগ্যতা নিৰ্দ্ধাৰক চাকৰিৰ কাৰ্যকাল ৩৩/২৫তকৈ কম হয় তেন্তে পেন্সনৰ পৰিমাণ আনুপাতিকভাৱে গণনা কৰি উলিওৱা হব।
      4. যদি চাকৰিৰ কাৰ্যকাল ১০ বছৰতকৈ কম হয়, তেন্তে কোনো ধৰণৰ পেন্সন প্ৰদান কৰা নহব। তেনে ক্ষেত্ৰত মাথোঁ চাকৰি কালৰ স্বীকৃতিৰূপে এক নিৰ্দিষ্ট পৰিমাণৰ অৰ্থ প্ৰদান কৰা হয়।
      5. শেষত ধাৰ্য হোৱা পেন্সনৰ সৰ্বমুঠ পৰিমাণ টকাৰ হিচাপত প্ৰকাশ কৰা হব আৰু যদি কোনো ক্ষেত্ৰত পেন্সনৰ মুঠ পৰিমাণ ভগ্নাংশ ৰূপত পোৱা যায় তেন্তে তেনে পৰিমাণ পৰৱৰ্ত্তী ডাঙৰ সংখ্যাৰ ৰূপত টকা আকাৰে প্ৰকাশ কৰা হব।
      6. ১-৪-২০০৯ৰ পৰ পেন্সনৰ ন্যূনতম পৰিমাণ হৈছে ৩০০০ টকা প্ৰতি মাহে আৰু সৰ্বোচ্চ পৰিমাণ হৈছে ২৭,০০০ টকা প্ৰতি মাহে (আৰ.অ.পি ২০১০ অনুসৰি

পেন্সনৰ উপৰিও অন্যান্য আৰ্থিক অনুদানসমূহ হল-

    1. ডিয়েৰনেছ এলাউন্স (অতিৰিক্ত সকাহ)
    2. মেডিকেল এলাউন্স।

পেন্সনৰ লঘূকৰণ

ৰাজ্যিক চৰকাৰৰ চাকৰিয়ালে তেওঁলোকৰ পেন্সনৰ কিছু অংশৰ লঘুকৰণ কৰিব পাৰে আৰু আছাম চাৰ্ভিচেছ নিয়মাৱলী ১৯৬৫ অনুসৰি এই লঘুকৰণ ৩৩ শতাংশতকৈ বেছি হব নোৱাৰিব। যদি এই বিকল্প ব্যৱহাৰ অৱসৰ গ্ৰহণ কৰাৰ এবছৰৰ ভিতৰত কৰা হয়, তেন্তে কোনো ধৰণৰ স্বাস্থ্য পৰীক্ষাৰ প্ৰয়োজন নহয়। কিন্তু যদি এবছৰৰ ম্যাদ পূৰণ হোৱাৰ পিছত এই বিকল্পৰ বাছনি কৰা হয়, তেন্তে অৱসৰপ্ৰাপ্ত ব্যক্তি/মহিলাগৰাকী নিৰ্দিষ্ট কৰ্তৃপক্ষৰ দ্বাৰা পৰিচালিত স্বাস্থ্য পৰীক্ষাত অৱতীৰ্ণ হব লাগিব। ব্যক্তিগৰাকীয়ে পাবলগীয়া মোটা অংকৰ ধনৰ গণনা গাননিকৰ ভিত্তিত গঠিত লঘুকৰণ তালিকাৰ প্ৰসঙ্গক্ৰমে কৰা হয়। লঘুকৰণ কৰা অংশ হ্ৰাস কৰি মাহেকীয়া পেন্সন প্ৰদান কৰা হয় আৰু এই লঘুকৰণ কৰা অংশ ১৪ বছৰ পূৰ হোৱাৰ পাছত পুনৰ ঘূৰাই দিয়া হব। আনহাতে মূল পেন্সনৰ পৰিমাণৰ ওপৰত ভিত্তি কৰি ডিয়েৰনেছ ৰিলিফৰ গণনা কৰা হয় (লঘুকৃত পৰিমাণ হ্ৰাস নকৰাকৈ)। পেন্সনৰ লঘুকৃত পৰিমাণ নিৰ্ধাৰণৰ সূত্ৰটো হৈছে এনে ধৰণৰ- চি. ভি. পি. =৩৩ শতাংশ (X) লঘুকৃত উপাদান* (X)১২*। তালিকা নং ১ আৰু ২ৰ মতে সিদিনা লঘূকৰণৰ দিন নিশ্চিত কৰা হব সেইদিনা ব্যক্তিগৰাকীৰ বয়সৰ ভিত্তিত লঘুকৃত পৰিমাণৰ প্ৰসঙ্গ নিৰ্ধাৰণ কৰা হয়।

মৃত্যু/অৱসৰৰ পাছত লাভ কৰা ৰাশি

    • অৱসৰৰ পিছত লাভ কৰা ৰাশি– এই ৰাশি চৰকাৰী চাকৰিয়ালৰ অৱসৰৰ পিছত প্ৰদান কৰা হয়। এই ৰাশিৰ সুবিধা লাভ কৰিবৰ বাবে ব্যক্তিগৰাকী কমেও ৫ বছৰ স্থায়ী চাকৰিয়াল হব লাগিব। পাবলগীয়া ৰাশিৰ পৰিমাণ এজন বিষয়াৰ শেহতীয়া ছমাহৰ দৰমহাৰ এক-চতুৰ্থাংশ ৰূপে গণনা কৰা হয় যি মাহেকিয়া দৰমহাৰ ১৬.৫ শতাংশ পৰ্যন্ত অৰ্থাত্ সৰ্বোচ্চ ৭ লাখ টকা পৰ্যন্ত হব পাৰে। এই ৰাশিৰ কোনো সৰ্বনিম্ন পৰিমাণ ধাৰ্য কৰা নহয়।
    • মৃত্যুৰ পিছৰ ৰাশি– এই ৰাশি হৈছে এককালীন আৰ্থিক অনুদান যি চৰকাৰী চাকৰিয়াল (স্থায়ী বা অস্থায়ী) মৃত্যুৰ পিছত তেখেতৰ বিধৱা পত্নী অথবা অথবা স্বমীক দিয়া হয়। মৃত ব্যক্তিগৰাকীয়ে জীৱিত কালত আগবঢ়োৱা সেৱাৰ কোনো ধৰণৰ হিচাপ বা চৰ্ত এইৰাশি প্ৰদানৰ সময়ত ধাৰ্য কৰা নহয়। এনে ৰাশিৰ পৰিমাণ নিম্নোল্লেখিত ৰূপত নিৰ্ধাৰণ কৰা হয়।

      যোগ্যতা নিৰ্ধাৰক সেৱা

      হাৰ

       

      এবছৰতকৈ কম

       

      মূল বেতনৰ দুগুণ

      এবছৰতকৈ বেছি কিন্তু ৫ বছৰতকৈ কম

      মূল বেতনৰ ছয় গুণ

       

      পাঁচ বছৰতকৈ বেছি কিন্তু বিশ বছৰতকৈ কম

      মূল বেতনৰ ১২ গুণ

       

      বিশ বছৰ বা তাতকৈ বেছি

      প্ৰতি সম্পূৰ্ণ ছমাহৰ বাবে মুঠ বেতনৰ আধা ৰাশি যি হবগৈ মুঠ বেতনতকৈ সৰ্বোচ্চ ৩৩ গুণ বেছি।

       

    • মৃত্যুৰ মপিছত লাভ কৰা ধনৰাশিৰ সৰ্বোচ্চ পৰিমাণ ১-৪-২০০৯ৰ পৰা ৭ লাখ টকা ধাৰ্য কৰা হৈছে।
    • চাকৰিয়ালৰ বাবে লাভ কৰা ধনৰাশি– এজন অৱসৰপ্ৰাপ্ত চৰকাৰী চাকৰিয়ালে যদি ১০ বছৰতকৈ কম সময়ৰ বাবে সেৱা আগবঢ়াইছে আৰু যদি এম.আৰ/ডব্লিউ.চি. কৰ্মীয়ে ২০ বছৰতকৈ কম সময়ৰ বাবে সেৱা আগবঢ়াইছে তেন্তে তেনে ব্যক্তিয়ে ছাৰ্ভিচ গ্ৰেচ্যুইটি বা চাকৰিয়ালৰ বাবে এটি ধনৰাশি লাভ কৰিব। এই ধনৰ পৰিমাণ শেহতীয়াকৈ লাভ কৰা আৰু ছমহীয়া সম্পূৰ্ণ সময়সীমাৰ মূল বেতনৰ আধা। এনে ধনৰাশিৰ ক্ষেত্ৰত কোনো ন্যূনতম বা সৰ্বোচ্চ পৰিমাণ ধাৰ্য কৰা নাথাকে। এনে এককালীন ধনৰাশি অৱসৰৰ পাছত দিয়া ধনৰাশিৰ অতিৰিক্তভাৱে প্ৰদান কৰা হয়।

সাধাৰণ ভৱিষ্যত নিধি আৰু ইনছেনটিভ

অসম সাধাৰণ ভৱিষ্যত নিধি নিয়মাৱলী অনুসৰি, ১৯৩৪, এবছৰৰ স্থায়ী সেৱাৰ পিছত সকলো অস্থায়ী চৰকাৰী কৰ্মচাৰী, সকলো পুনৰ নিয়োজিত পেন্সনাৰ (সহায়ক ভৱিষ্যত নিধিৰ বাবে যোগ্য বিবেচিত হোৱাসকলৰ বাহিৰে) আৰু আন সকলো স্থায়ী চৰকাৰী চাকৰিয়াল এই পুঁজি লাভ কৰিবৰ বাবে উপযুক্ত। এই পুঁজিত যোগদান কৰাৰ আগতে এজন উপভোক্তাই যথাবিহিত ফৰ্মত তেখেতৰ মৃত্যুৰ পিছত এই ধনৰাশি লাভ কৰিবলগীয়া ব্যক্তিৰ নাম মনোনয়ন কৰিব লাগিব। এজন উপভোক্তাই এই পুঁজিত মাহেকীয়া ভিত্তিত ধন জমা কৰিব পাৰিব, কিন্তু যদি তেওঁ কোনো নিৰ্দিষ্ট সময়ত নিলম্বিত হয় তেন্তে তেনে সময়ত এনে পুঁজি উপভোগ কৰিব নোৱাৰিব। ভৱিষ্যত নিধিৰ উপভোগৰ সময় অৱসৰপ্ৰাপ্ত হোৱাৰ তিি মাহ আগতে বন্ধ কৰাল হয়। এনে পুঁজিৰ উপভোগৰ হাৰ উপভোক্তাৰ মাহিলী দৰমহাৰ ৬ শতাংশতকৈ কম নহয় আৰু তেওঁৰ সৰ্বমুঠ দৰমহাৰ ১৫.৬ গুণতকৈ বেছি নহয়। জি.পি.এফ. অৰ্থাত্ সাধাৰণ ভৱিষ্য নিধিৰ ওপৰত প্ৰয়োগ কৰা সুদৰ হাৰ বাৰ্ষিকভাৱে সংযুক্ত কৰা হয় আু এই সুদৰ হাৰৰ চৰকাৰী নিৰ্দেশ মতে সাল-সলনি কৰা হয়। কোনো বিশেষ কাৰণত এই পুঁজি উঠাই লোৱাৰ বাবে বিশেষ নিয়মাৱলী ধাৰ্য কৰা হৈছে।

সহায়ক ভৱিষ্য নিধি-

সহায়ক ভৱিষ্য নিধি বা কণ্ট্ৰিবিউটৰী প্ৰভিডেণ্ট ফাণ্ডৰ নিয়মাৱলীসমূহ চৰকাৰৰ বিশেষকৈ ৰাজ্যপালৰ অধীনত যিকোনো চাকৰি বা সেৱাত নিয়োজিত সকলো পেন্সন নোপোৱা চাকৰিয়ালৰ ক্ষেত্ৰত প্ৰযোজ্য। এনে পুঁজি ক্ৰয় কৰাৰ আগতে উপভোক্তাজনে যথাবিহিত ফৰ্মত তেখেতৰ মৃত্যুৰ পিছত এই ধনৰাশি লাভ কৰিবলগীয়া ব্যক্তিৰ নাম মনোনয়ন কৰিব লাগিব। উপভোক্তাজনে কৰ্তব্যৰত অৱস্থাত অথবা বিদেশৰ চাকৰিত কৰ্মৰত অৱস্থাত এনে পুঁজি মাহিলী ক্ৰয় কৰিব লাগিব কিন্তু চাকৰিৰ পৰা নিলম্বিত অৱস্থাত এনে পুঁজি ক্ৰয় কৰিব নোৱাৰিব। এনে পুঁজি ক্ৰয়ৰ হাৰ ব্যক্তিজনৰ মাহিলী বেতনৰ ১০ শতাংশতকৈ কম হব নালাগিব। কৰ্মচাৰীজনৰ ক্ৰয় কৰা ৰাশিৰ সমান পৰিমাণৰ ধন প্ৰতিমাহে তেথেকৰ নামত সঞ্চিত হব।

ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ গোট সঞ্চয় আঁচনি

কৰ্মচাৰীসকলৰ দ্বাৰা প্ৰতি মাহে প্ৰদান কৰা অনুদানসমূহ ছেভিংছ ফাণ্ড অথবা সঞ্চয় নিধিত জমা হয় যাৰ ওপৰত প্ৰত্যেক মাহত এক নিৰ্দিষ্ট হাৰৰ সুদ আগবঢ়োৱা হয়। এজন চৰকাৰী চাকৰিয়ালে চাকৰিত যোগ দিয়াৰ সময়তে এনে আঁচনিত যোগদান কৰিবৰ বাবে আবেদন কৰিব লাগিব।এনে আঁচনিৰ বাবে দিয়া ধন টেবল অৱ বেনিফিট অনুসৰি ধাৰ্য কৰা হয় যাৰ সৈতে চাকৰিৰ পৰা অৱসৰ লোৱা দিন পৰ্যন্ত সুদৰ হাৰ যোগ কৰা হয়। উপভোক্তাৰ কোনো কাৰণত মৃত্যু ঘটিলে তেখেতৰ পৰিয়ালৰ হাতত এই নিধিৰ পুঁজি আদায় দিয়া হয়। পলমকৈ আদায় দিয়া ধনৰ ক্ষেত্ৰত কোনো ধৰণৰ সুদ যোগ দিয়া নহয়।

Retirement Benefits