মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ পেঞ্চন আৰু ৰাজহুৱা অভিযোগ

পেঞ্চন আদালত – আপোনাৰ আবেদন দাখিল কৰক

দীৰ্ঘদিনীয়া অমীমাংসিত পেন্সনৰ সমস্যাসমূহ সমাধা কৰিবৰ বাবে ২০০৯ চনত পেন্সন আদালত স্থাপন কৰা হৈছিল। কামৰূপ জিলাত পেন্সন আদালত ২০১৩ চনৰ আগষ্ট মাহত স্থাপন কৰা হৈছিল যত ৫৮১ সংখ্যক অমীমাংসিত পেন্সনৰ গোচৰৰ ভিতৰত ৪২৩টা গোচৰৰ মীমাংসা কৰা হৈছিল। দৰং, ওদালগুৰি, যোৰহাট আৰু গোলাঘাট জিলাৰ পেন্সন আদালতত ১৫০৯টা পেন্সনৰ গোচৰৰ ভিতৰত ১৩২৬টা গোচৰৰ সমাধা কৰা হৈছিল। কিন্তু কাছাৰ, হাইলাকান্দি, কৰিমগঞ্জ আৰু শোণিতপুৰত পেন্সন আদালতৰ প্ৰস্তাৱনা থকাৰ পিছতো স্থাপন কৰিব পৰা নগল, যিহেতু মউক্ত জিলাসমূহৰ পেন্সন সঞ্চালকালয়ৰ কাৰ্যালয়ত যথোপযুক্ত কৰ্মচাৰীবৰ্গৰ যথেষ্ট নাটনি দেখা গৈছিল। এনে পেন্সন আদালতত মীমাংসাৰ বাবে আবেদন কৰা গোচৰসমূহ পাছলৈ বিভিন্ন আপত্তি আৰু প্ৰতিবাদৰ ফলত পেন্সন সঞ্চালকালয়ৰ কাৰ্যালয়ত কেন্দ্ৰীয়ভাৱে সমাধা কৰা হৈছিল। এনেদৰে মিমাংসিত গোচৰসমূহ যথাক্ৰমে নিৰ্দিষ্ট জিলাসমূহৰ সহকাৰী অধ্যক্ষক পেন্সনাৰসকলৰ মাজতবিতৰণ কৰিবৰ বাবে প্ৰেৰণ কৰা হয়। এই বিভাগে চলিত অৰ্থনৈতিক বৰ্ষত লক্ষিমপুৰ, ধুবুৰী আৰু নগাঁও জিলাত অমীমাংসিত পেন্সনৰ গোচৰসমূহ সমাধা কৰিবৰ বাবে পেন্সন আদালত স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। বাক্সা, বঙাইগাঁও, চিৰাং, গোৱালপাৰা আৰু কোকৰাঝাৰ জিলাত মুঠ ৭৪৩টা অমীমাংসিত গোচৰৰ ভিতৰত ৩৯৫টাৰ সমাধা কৰা হয় আৰু সংশ্লিষ্ট সহকাৰী অধ্যক্ষসমূহক মিমাংসিত পেন্সন প্ৰদান কৰা নিৰ্দেশসমূহ বিতৰণৰ বাবে ব্যৱস্থা কৰা হৈছে। এনে পেন্সন আদালতৰ দ্বাৰা ২২৫২ সংখ্যক পেন্সনৰ গোচৰ পোৱা গৈছে, যাৰ ভিতৰত ১৭২১ সংখ্যক গোচৰ মীমাংসা কৰা হৈছে।

Pension Adalat